গোৱালপাৰাত কৰোনাৰ সংক্ৰমণ বৃদ্ধি : কন্টেইনমেন্ট জ’ন ঘোষণা; পথ বন্ধ কৰিলে প্ৰশাসনে

index.jpg

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰিত কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে৷

জানিব পৰা মতে, কৃষ্ণাই ৰে’ল ষ্টেচনৰ নিচেই কাষৰীয়া পাখিৰীগুৰি গাঁৱত একেটা পৰিয়ালৰ ১১ সদস্যসহ কৰোনাত আক্ৰান্ত হৈছে মুঠ ১৭ লোক৷

পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটালৈ লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনৰ অন্য তিনিটা অঞ্চলৰ লগতে খামাৰ পাখিৰী ধুন্দিপাৰা অঞ্চলটোকো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে৷

সেই অনুসৰি আজি পাখিৰীগুৰি গাঁৱৰ বাট পথসমূহ বন্ধ কৰি দিলে আৰক্ষী প্ৰশাসনে৷

অত্যাৱশ্যকীয় সেৱা আৰু অতি জৰুৰী পৰিস্থিতিৰ বাহিৰে সকলো লোককে গাঁওখনত প্ৰৱেশ প্ৰস্থানত বাধা আৰোপ কৰিছে আৰক্ষীয়ে৷

উল্লেখ্য যে গোৱালপাৰা জিলাত কৰোনা ৰোগীৰ সংখ্যাই ইতিমধ্যে প্ৰায় সাত শৰ ঘৰ অতিক্ৰম কৰিছে৷ কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১৭ জনকৈ লোক৷

প্ৰণিধানযোগ্য যে কৰোনাৰ দ্বিতীয় লহৰত জিলাখনত চহৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত অধিক লোক আক্ৰান্ত হৈছে৷

ৰোগীৰ সংখ্যাধিক্যলৈ চাই ইতিমধ্যে জিলা প্ৰশাসনে পাখিৰীগুৰিৰ লগতে বৰবৰী, নাৰেংগাবাৰী আৰু ডুবাপাৰা অঞ্চল কেইটাক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে৷