কোভিড ১৯ লকডাউন; এইসকল শ্ৰমিকে লাভ কৰিব ৫০০০ টকাকৈ আৰ্থিক সাহায্য

1worker6d5f_202001362511

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বৰ লগতে ভাৰতো এতিয়া ক’ৰ’না ভাইৰাছত বেয়াকৈ ক্ষতিগ্ৰস্ত। বিশেষকৈ লকডাউনৰ ফলত দুখীয়া শ্ৰমিকসকলে অকল্পনীয় দুৰ্দশাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে।

এনে পৰিস্থিতিত দিল্লী চৰকাৰে নিৰ্মাণখণ্ডৰ শ্ৰমিকসকলক সকাহ দিয়াৰ বাবে পুনৰ এক বিশেষ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্ধিত লকডাউনৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ আপ চৰকাৰে ৰাজ্যখনৰ নিৰ্মাণখণ্ডত নিয়োজিত শ্ৰমিকসকলক পুনৰ ৫০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।

যোৱা সোমবাৰে অনুষ্ঠিত নিৰ্মাণখণ্ডৰ শ্ৰমিক কল্যাণ বৰ্ডৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৰ্ডৰ অধীনত প্ৰায় ৪০,০০০ হাজাৰ নিৰ্মণখণ্ডৰ শ্ৰমিক পঞ্জীয়নভুক্ত হৈ আছে।

ইয়াৰ উপৰি বৰ্ডে এক অনলাইন পৰ্টেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। যাৰ জৰিয়তে শ্ৰমিকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

বৰ্তমানলৈকে দিল্লীত ৮,৪৭০ গৰাকী ব্যক্তি কোভিড-১৯ আক্ৰান্ত হৈছে। ইয়াৰে ১১৫জনৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে ক’ভিড-১৯ বাবে চলি থকা লকডাউনত ক্ষতিগ্ৰস্ত নিৰ্মাণখণ্ডক শ্ৰমিকসকলক দিল্লীৰ চৰকাৰে কিছুদিনৰ পূৰ্বে ৫০০০ হাজাৰ টকাকৈ প্ৰদান কৰিছিল।