NORTHEAST NOW (Assamese)

ক’ভিড-১৯ : যোৱা ২৪ ঘণ্টাত ৮৩,৩৪১ গৰাকী আক্ৰান্ত, ১০৯৬ গৰাকীৰ মৃত্যু

September 4, 2020 10:37 am · এন ই নাও নিউজ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৮৩,৩৪১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১০৯৬ গৰাকী ৰোগী।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৯,৩৬,৭৪৮ গৰাকী অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৬৮,৪৭২ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ৮,৩১,১২৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩০,৩৭,১৫২ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে আই চি এম আৰে জনোৱা মতে বৃহস্পতিবাৰৰ দিনটোত ১১.৭০ লাখ লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

Related News