কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ওড়িছা চৰকাৰে ৫০০ এম বি বি এছ শিক্ষাৰ্থীক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে।
ওড়িছা চৰকাৰৰ ক’ভিড-১৯ মুখপাত্ৰ সুব্ৰত বাগচিয়ে সদৰী কৰা মতে ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে এই কাম কৰা হৈছে।
নাৰ্ছকে ধৰি বিভিন্ন পেৰামেডিক শিক্ষাৰ্থীকো কৰ’নাভাইৰাছৰ সংকট মোকাবিলাৰ বাবে সাজু ৰাখিছে।
তাৰোপৰি বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত চিকিৎসকৰ সহায় বিচাৰি চৰকাৰে জাননী জাৰি কৰিছে।
১ এপ্ৰিলৰ পৰা তিনিমাহৰ কাৰণে চুক্তিভিত্তিত এই চিকিৎসা বিশেষজ্ঞসকলক নিযুক্ত দিব খোজা হৈছে।
সূত্ৰমতে, চৰকাৰখনে চিকিৎসক আৰু অন্যান্য স্বাস্থ্যকৰ্মী সামৰি মুঠ ৮০০০ ব্যক্তিক ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিকূল পৰিস্থিতিৰ বাবে সাজু ৰাখিছে।
ওড়িছাত বৰ্তমান ৭৫৬৪ গৰাকী চিকিৎসক আৰু দন্ত চিকিৎসক বিভিন্ন চিকিৎসালয়ত কৰ্মৰত হৈ আছে।
তাৰোপৰি ৰাজ্যখনত আছে ৭৯৪ গৰাকী আয়ুস চিকিৎসক।
ওড়িছা চৰকাৰে ভুৱনেশ্বৰত দুখন আৰু ৰুড়কেলাত এখন মুঠ তিনিখন বিশেষ ক’ভিড-১৯ চিকিৎসালয় মুকলি কৰিছে।
ভুৱনেশ্বৰত থকা এইমছতো ২০৬খন বিচনাযুক্ত এটা বিশেষ ক’ভিড-১৯ কেম্পাছ সাজু আছে।
এইমছ ভুৱনেশ্বৰৰ আয়ুস কমপ্লেক্সতো ২০খন আছুতীয়া বিচনা আৰু ১০টা ভেণ্টিলেণ্টৰ সাজু কৰি ৰখা হৈছে।
ওড়িছাত শুকুৰবাৰলৈকে ২০ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।