NORTHEAST NOW (Assamese)

তামিলনাডুত কৰোনাত প্ৰথমগৰাকী লোকৰ মৃত্যু; দেশত মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি

March 25, 2020 8:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কৰোনা ভাইৰাছত আক্ৰান্ত হৈ দেশত আৰু এজন লোকে মৃত্যুক সাৱটি ল’লে। তামিলনাডুত কৰোনাত মৃত্যু হোৱা প্ৰথমটো ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে কৰোনাত মৃত্যু হোৱা তামিলনাডুৰ এই লোকজন বিদেশলৈ যোৱা নাছিল।

যোৱা ২৩ মাৰ্চত লোকজন কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা পোৱা গৈছিল। ইয়াৰ পাছত ৰাজাজী হাস্পাতলত তেওঁৰ চিকিৎসা চলি আছিল।

এইটো মৃত্যুৰ লগে লগে দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পালে।

স্বাস্থ্য বিভাগৰ সূত্ৰি জানিবলৈ দিয়া মতে মাদুৰাই বাসিন্দা ৫৪ বছৰীয়া এজন লোকৰ বুধবাৰে মৃত্যু ঘটিছে।

যোৱা দুদিন ধৰি তেওঁক ৰাজাজী হাস্পাতলত চিকিৎসা কৰি থকা হৈছিল যদিও তেওঁ সুস্থ হৈ নুঠিল।

লোকজন ডায়েবেটিছৰ লগতে উচ্চ ৰক্তচাপৰ ৰোগী আছিল। ক্ৰমাৎ অত্যাধইক অসুস্থ হৈ পৰা লোকজনৰ আজি ৰাতিপুৱা মৃত্যু হয়।

তামিলনাডুত এতিয়ালৈকে ১৮টা কৰোনা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।

ইপিনে, দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬০জন হৈছেগৈ। ইয়াৰে ১১জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৬জন লোক সুস্থ হৈ উঠিছে।

Related News