টীয়কৰ গ্ৰামাঞ্চলত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৰোগী

1216 persons cured of COVID-19 in Assam on Tuesday

টীয়কৰ গ্ৰামাঞ্চলত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাটোৱে উদ্বেগৰ সৃষ্টি কৰিছে।

উজনিৰ যোৰহাট জিলাত মঙলবাৰৰ দিনটোত ১৬৫গৰাকী লোক ক’ভিড১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰে ১৩৭গৰাকীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ গ্ৰাম্যাঞ্চলৰ ৰোগী।

স্বাভাৱিকতে এই পৰিসংখ্যাই প্ৰমাণ কৰিছে কিদৰে গ্ৰাম্যাঞ্চলত কভিড১৯ৰ সংক্ৰমণ ঘটিছে।

টীয়কতো মঙলবাৰৰ দিনটোত বনাই, আমতল, জগদুৱাৰ, ন-পমুৱাকে ধৰি বিভিন্ন গ্ৰাম্যাঞ্চলত কেইবাজনো ব্যক্তি কভিড১৯ পজিটিভ চিনাক্ত হৈছে।

ইপিনে টীয়কৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত যোৱা ১৫ জুলাইত স্থাপন কৰা ক’ভিড কেয়াৰ কক্ষত এই পৰ্যন্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১০০ৰো অধিক ৰোগীক ভৰ্তি কৰা হৈছে।

ইয়াৰে ২২গৰাকী আৰোগ্য হোৱাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছেl

স্বাস্থ্য বিভাগ তথা সচেতন ৰাইজে গ্ৰাম্যাঞ্চলৰ ৰাইজক শংকিত নহৈ অধিক সতৰ্ক হ’বলৈ আহ্বান জনাইছে।