NORTHEAST NOW (Assamese)

দিনটোত ৪২ ক’ভিড-১৯ পজিটিভ চিনাক্ত অসমত, মুঠ আক্ৰান্ত ১৫৭লৈ বৃদ্ধি

May 19, 2020 11:21 pm · কল্পজ্যোতি শইকীয়া
Updated: May 19, 2020 11:28 pm
প্ৰতিনিধিত্বমূলক ফটো

অসমত আজিৰ দিনটোতে এই বাতৰি লিখাৰ পৰলৈকে ৪২ গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

মঙলবাৰে ৰাতি ৩ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

পজিটিভ আটাইকেইগৰাকী সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰৰ।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত চিনাক্ত হোৱা আটাইকেইগৰাকী ক’ভিড-১৯ আক্ৰান্ত বহিঃৰাজ্যৰ পৰা শেহতীয়াকৈ অসমলৈ অহা।

কিছু সময় পূৰ্বে উক্ত কুৱাৰেন্টাইন চেণ্টাৰত ১৩ গৰাকীৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

তাৰ ঠিক কিছু সময় পূৰ্বে ৰাজ্যত ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

গুৱাহাটীত ধৰা পৰা তিনিগৰাকীৰ দুগৰাকী কালি মৃত্যুক আকোৱালি লোৱা কেন্সাৰ ৰোগী গোপীন্দ্ৰ মালাকাৰৰ পত্নী আৰু জীয়ৰী।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ১৪ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ। আক্ৰান্তসকলৰ ৭ গৰাকী কামৰূপ মহানগৰ, ২ গৰাকী হোজাইৰ, দুগৰাকী বিশ্বনাথৰ, এগৰাকী নগাঁও জিলাৰ আৰু দুগৰাকী নলবাৰীৰ।

ফলত আজি ৰাজ্যত ১৫৭ গৰাকীলৈ বৃদ্ধি পালে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা।

বৰ্তমান ১১০ গৰাকী লোক এই কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে।

উল্লেখযোগ্য যে, আজিৰ পুৱাৰ ভাগত ২ গৰাকী যোৰহাট, ২ গৰাকী গোলাঘাট, এগৰাকী কোকৰাঝাৰ আৰু এগৰাকী নগাওঁ জিলাৰ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল।

যোৰহাটৰ এগৰাকী চেন্নাইৰ পৰা উভতি আহিছিল আৰু বাকী কেইগৰাকী দাৰ্জিলিঙৰ পৰা আহিছিল।

ইপিনে, কালিও গুৱাহাটীত ৭ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু এজনৰ মৃত্যু হৈছিল।

Related News