NORTHEAST NOW (Assamese)

২০০০ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ, দিনটোত এতিয়ালৈকে চিনাক্ত ২৪৩

June 4, 2020 11:09 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ২০৭৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে বৰপেটাৰ ২১, তিনিচুকীয়াৰ ২১, ডিমা হাচাওৰ ১৪, ধেমাজিৰ আঠ, ওদালগুৰিৰ আঠ, কামৰূপ (মহানগৰ)ৰ পাঁচ, লখিমপুৰৰ চাৰি, কামৰূপৰ তিনি আৰু বাক্সাৰ এগৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি বৃহস্পতিবাৰে দিনটোত এইপৰ্য্যন্ত অসমত মুঠ ২৪৩গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১৬২৪ (।)

চাৰিগৰাকীৰ মৃত্যু ঘটিছে। ক’ভিড আক্ৰান্ত ৪৪২গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

কিছু সময় পূৰ্বে ১১১ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪৬ গৰাকী হোজাই, ওডালগুৰিৰ ২৮ গৰাকী, কামৰূপ ১০ গৰাকী, ৫ গৰাকী মৰিগাঁও, তিনিগৰাকী নলবাৰী, তিনিগৰাকী গোৱালপাৰা, গোলাঘাটৰ দুগৰাকী, যোৰহাটৰ ২ গৰাকী আৰু ধুবুৰীৰ এগৰাকী।

দিনৰ ভাগত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ৩৩ গৰাকী, ছয়গৰাকী ধেমাজি, চাৰিগৰাকী বঙাইগাঁও, তিনিগৰাকী বৰপেটা আৰু বাক্সাৰ এগৰাকী আছিল।

আজিৰ দিনটোত  ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণাত।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯৯২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News