NORTHEAST NOW (Assamese)

অসমত আৰু এগৰাকী ক’ভিড-১৯ আক্ৰান্ত, মুঠ ৩২লৈ বৃদ্ধি

April 14, 2020 10:44 pm · কল্পজ্যোতি শইকীয়া
Updated: April 14, 2020 10:49 pm
প্ৰতিনিধিত্বমূলক ফটো

ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ আক্ৰান্তৰূপে মঙলবাৰে চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰিছে।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত ভাগ লোৱা এজন লোকৰ পত্নী।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

বাকী আটাইকেইজন ৰোগী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা পৰীক্ষণত নিগেটিভ অহা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

ইপিনে মঙলবাৰে সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীজনে কয় যে কিছুসংখ্যক ৰোগীক ২০ এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়ৰ পৰা যাবলৈ দিব পৰা হ’ব বুলি আশা কৰা হৈছে।

কিন্তু সেই সন্দৰ্ভত বুধবাৰে সন্ধিয়ালৈহে নিশ্চিতকৈ ক’ব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।

Related News