অসমত অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্ত। ৬৬৬লৈ বৃদ্ধি আক্ৰান্ত ৰোগীৰ সংখ্যা; দিনটোতে চিনাক্ত হৈছে ১১৮ গৰাকী।
এই মুহূৰ্তত কামৰূপ মেট্ৰৰ ২১ গৰাকী, নগাওঁ জিলাৰ ১ গৰাকী আৰু দৰঙৰ ১ গৰাকীৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
?Alert ~ 23 new cases of #COVID19+ reported.
21 Kamrup Metro, 1 each Nagaon & Darrang
↗️Total cases 666
↗️Recovered 62
↗️Active cases 597
↗️Deaths 04
↗️Migrated 03Update 11:00 pm / May 26#AssamCovidCount pic.twitter.com/g4339u5U6H
— Himanta Biswa Sarma (@himantabiswa) May 26, 2020
অলপ সময় আগে গোলাঘাট জিলাৰ ২৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।
আজিৰ দিনটোত ১১৮ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯+ ত।
কিছু সময় পূৰ্বে ১৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল। ইয়াৰে ৭ গৰাকী কৰিমগঞ্জ, ৫ গৰাকী গোৱালপাৰা, ৩ গৰাকী গুৱাহাটী, ধুবুৰী ১, হাইলাকান্দি ১, ওদালগুৰি ১, লখিমপুৰ ১ গৰাকী।
তাৰ ঠিক কিছুসময় পূৰ্বে নগাওঁ জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।
দিনৰ ভাগতে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত। আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁওৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাওঁৰ ৫ গৰাকী।
বৰ্তমান ৫৯৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷
এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷
কালিৰ দিনটোত ৰাজ্যত ১৫৬ গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।
যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।
যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।
২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।
ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।
যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।
ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।
উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫৯৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।