ক’ৰ’নাৰ বাবে ত্ৰিপুৰাত আৱদ্ধ চাইকেলেৰে টকিঅ’ অলিম্পিকলৈ যাত্ৰা আৰম্ভ কৰা কেৰালাৰ যুৱক-যুৱতী

tokyo 1

কেৰালাৰ যুৱক-যুৱতী তিনিগৰাকী

চাইকেলেৰে কেৰালাৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ যাব বিচৰা তিনিগৰাকী যুৱক-যুৱতীৰ সপোন ক’ৰ’না ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চাইকেলেৰে জাপানলৈ যাত্ৰা আৰম্ভ কৰা যুৱক-যুৱতী তিনিগৰাকী বৰ্তমান ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

টকিঅ’ অলিম্পিকলৈ বুলি যাত্ৰা কৰা যুৱক-যুৱতী কেইগৰাকীয়ে কেৰালাৰ পৰা প্ৰায় সমগ্ৰ ভাৰত ভ্ৰমণ কৰি ত্ৰিপুৰাত উপস্থিত হৈছিল আৰু ইয়াৰ পাছতে তেওঁলোকে ম্যানমাৰ হৈ জাপানলৈ যোৱাৰ কথা আছিল।

কেৰালাৰ পৰা ডিচেম্বৰৰ ১৫ তাৰিখে যাত্ৰা আৰম্ভ কৰা যুৱক-যুৱতী তিনিগৰাকী হ’ল ক্ৰমে- ড’না জেকব, ক্লিফিন ফ্ৰাঞ্চিচ আৰু হাচিব আহচেন।

কেৰালাৰ এই যুৱক-যুৱতী তিনিগৰাকীয়ে বাংলাদেশৰ মাজেৰে আহি ত্ৰিপুৰাত উপস্থিত হৈছিল আৰু ত্ৰিপুৰাত উপস্থিত হোৱাৰ সময়তে দেশত ক’ৰ’নৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে।

ত্ৰিপুৰাত উপস্থিত হোৱা তিনিও গৰাকী যুৱক-যুৱতীকে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু কোৱাৰিণ্টাইনত ৰখা হয়।

ক্লিফিনে আমাৰ সাংবাদিকৰ আগত তেওঁলোকে তেওঁলোকৰ সপোন বাদ নিদিয়ে আৰু অহাবছৰ চাইকেলেৰে টকিঅ’লৈ যাব বুলি মত প্ৰকাশ কৰে।

আনহাতে, ড’নাই এয়া তেওঁলোকৰ নৱম কোৱাৰিণ্টাইন বুলি জানিবলৈ দি তেওঁলোকক কোৱাৰিণ্টাইনত ৰখা সন্দৰ্ভত কোনো অসন্তুষ্টি নাই বুলি কোৱাৰ লগতে সকলোকে প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ কৰে।