ভাৰতত ২ কোটিৰো অধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন, আক্ৰান্ত ১৮ লক্ষাধিক

Covid19: 1586 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষণৰ ক্ষেত্ৰত ভাৰতে শেহতীয়াকৈ যুদ্ধংদেহী ভাৱে কাৰ্যক্ষেত্ৰত নামি পৰিছে।

দেশত আজিৰ তাৰিখলৈকে ২ কোটিৰো অধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে এই কথা প্ৰকাশ কৰিছে।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা লোকৰ সংখ্যা হৈছে ২,০২,০২,৮৫৮ গৰাকী।

আই চি এম আৰে ক’ৰ’ণা ভাইৰাছৰ  ৰেপিড এণ্টিজেন পৰীক্ষাৰ বিষয়ত গুৰুত্ব দিছে।

লক্ষণ থকা যি সকল লোকৰ ক্ষেত্ৰত ৰেপিড এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ আহে তেওঁলোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰোৱালৈ আই চি এম আৰে কৈছে।

দেশত এতিয়া ক’ৰ’ণামুক্ত লোকৰ শতাংশ হাৰ ৬৪.৪৪ শতাংশ হৈছে।

দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫২,৯৭২ গৰাকী লোক।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে ভাৰত।

২৪ ঘন্টাত ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিছে ৭৭১ গৰাকী লোকৰ।

এতিয়া লৈকে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১৮,০৩,৬৯৫ গৰাকী।

ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৩৮,১৩৫ গৰাকী।

সুখৰ কথাটো হৈছে ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ  হাৰ হৈছে ৬৪.৪৪।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা ১১,৮৬,২০৩গৰাকী হৈছে ।

দেশত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ২.১৩। সমগ্ৰ বিশ্বত এই হাৰ ৪ শতাংশ।

দেশত থকা এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৫,৭৯,৩৫০ গৰাকী।