NORTHEAST NOW (Assamese)

ৰাজ্যসভাত ঘোষণা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ: ২০২১ চনৰ প্ৰথম ভাগতে দেশবাসীয়ে লাভ কৰিব ক’ৰ’ণাৰ ভেকচিন

September 17, 2020 7:45 pm · এন ই নাও নিউজ
Updated: September 17, 2020 7:48 pm

দেশবাসীৰ বাবে আশাৰ বতৰা  কঢ়িয়াই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে আজি ৰাজ্যসভাৰ মজিয়াত এইবুলি কয় যে ক’ৰ’ণাৰ ভেকচিন ২০২১ চনৰ প্ৰথম ভাগতে দেশবাসীয়ে লাভ কৰিব।

তেওঁ লগতে কয় যে দেশত বৰ্তমান তিনিটা ভেকচিনৰ পৰীক্ষণে অগ্ৰগতি লাভ কৰিছে।

ইয়াৰে দুটা দেশীয় ভাবে প্ৰস্তুত কৰা ভেকচিন।

ভাৰত বায়’টেক আৰু জাইডাচ কেডিলাৰ ভেকচিনৰ লগতে অক্সফোৰ্ডৰ ভেকচিনৰ পৰীক্ষণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।

সেই দিশৰ পৰা চাবলৈ গ’লে ভাৰতত ২০২১ চনৰ প্ৰথম ভাগতে ক’ৰ’ণাৰ ভেকচিন আহিব বুলি আশা কৰিব পাৰি বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত মন্তব্য কৰে।

দেশত প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰীক্ষণত দুটা ভেকচিনৰ পৰীক্ষণ চলি আছে ।

একেদৰে ৮ ছেপ্তেম্বৰত ভাৰতত পৰীক্ষণ বন্ধ কৰা কোভিশ্বিল্ড ভেকচিনৰ  পৰীক্ষণৰ ক্ষেত্ৰত পুনৰ ছেৰাম ইনষ্টিটিউটে অনুমতি লাভ কৰিছে।

ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে জাৰি কৰা নতুন নিৰ্দেশনাত ছেৰাম ইনষ্টিটিউটক পুনৰ ভেকচিন বিধৰ পৰীক্ষণ চলাই যাবলৈ অনুমতি দিছে।

ব্ৰিটেইনত এই ভেকচিনৰ পৰীক্ষণৰ পিছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাত বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰততো ভেকচিন বিধৰ পৰীক্ষণ বন্ধ কৰা হৈছিল।

শেহতীয়াকৈ ডাটা ছেফটি মণিটৰিং বোৰ্ডৰ সভাত ভেকচিন বিধৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য ব্ৰিটেইনৰ ঘটনাটোৰ পিছতো ছেৰাম ইনষ্টিটিউটে কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰা নহয় বুলি কৈ আহিছিল যদিও ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলৰ নিৰ্দেশত কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰিবলৈ বাধ্য হৈছিল ছেৰাম ইনষ্টিটিউট।

ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ ভেকচিন বিধৰ পৰা ডি এন এ ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি লাভ কৰিছে।

সেইমৰ্মে প্ৰতিষ্ঠানটোৱে ২ আগষ্টৰ পৰা  দেশৰ ২০ টা স্থানত ১৬০০ গৰাকী লোকৰ দেহত কোভিডৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছিল।

Related News