NORTHEAST NOW (Assamese)

কোকৰাঝাৰ জিলাত মহামাৰী ৰূপধাৰণ কৰিছে ক’ৰ’না সংক্ৰমণে, ২৬ গৰাকী লোকৰ মৃত্যু

May 27, 2021 6:23 pm · ৰিনয় বসুমতাৰী
Updated: May 27, 2021 6:25 pm

কোকৰাঝাৰ জিলাত মহামাৰী ৰূপ ধাৰণ কৰিছে ক’ৰ’না সংক্ৰমণে ।

জিলাখনত বৰ্তমান ক’ৰ’না আক্ৰান্তৰ সংখ্যা মুঠ ৫২৩ গৰাকী আনফালে ২৬ গৰাকী লোকৰ মৃত্যু হৈছে ।

কোকৰাঝাৰ জিলাত দুটা ৰাজহু চক্ৰৰ অধীনত তিনিটাকৈ অঞ্চলত কনটেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

কোকৰাঝাৰ ৰাজহু চক্ৰৰ অধীনত এটা আৰু দোতোমা ৰাজহ চক্ৰৰ অধীনত দুটাকৈ কনটেইনমেণ্ট জ’ন স্থাপন কৰা হৈছে।

কোকৰাঝাৰ চহৰৰ হাদানপৰা অঞ্চলক সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।
কোকৰাঝাৰৰ বিভিন্ন চিকিৎসালয়ত শতাধিক কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

Related News