ৰাজ্যত আজিৰ দিনটোত কোভিডত মৃত্যু ৭৪ গৰাকী লোকৰ, আক্ৰান্ত ৬৫৭৩ গৰাকী লোক

Covid19-positive-750x375

ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে ।

আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে ৭৪ গৰাকী লোকৰ প্ৰাণ ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৬৫৭৩ গৰাকী লোক ।
আজি ১০২৬৮৪ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০৮৪ গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৬.৪০ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.২৫ শতাংশ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে জিএমচিএইছৰ পাৰ্কিঙত ২০০ খন আইচিইউ বিচনা সাজু কৰাৰ কাম চলি আছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যত পৰ্যাপ্ত অক্সিজেনৰ যোগান সুনিশ্চিত কৰিবলৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।