ৰাজ্যত আজিৰ দিনটোত কোভিডত মৃত্যু ৪৬ গৰাকী লোকৰ, আক্ৰান্ত ৪৯৩৬ গৰাকী লোক

covid-19-assam

ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । অৱশ্যে কলিৰ তুলনাত আজি ৰাজ্যত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে। আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে ৪৬ গৰাকী লোকৰ প্ৰাণ।

কালি কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ৫৫ গৰাকী।

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৪৯৩৬ গৰাকী লোক।

আজি ৬১৩৭৭ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৩৫৩ গৰাকী লোক।কোভিড পজিটিভিটিৰ হাৰ হৈছে ৮.০৪। এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৭.৫০ শতাংশ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে কোভিড ৰোগীৰ বৰ্দ্ধিত সংখ্যালৈ চাই চিকিৎসালয়ত বিচনাৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে লকডাউন দিয়াৰ বিকল্প নাথাকিব বুলিও তেওঁ প্ৰকাশ কৰে।

ইপিনে অসমত এদিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিলে অসমৰ পৰিস্থিতিও দিল্লীৰ দৰেই হৈ পৰিব বুলি আশংকা কৰা হৈছে।

উল্লেখ্য কালিৰে পৰা ৰাজ্যত প্ৰতীকি ৰূপত ১৮-৪৪ বছৰৰ লোকক কোভিডৰ ভেকচিন  প্ৰদানৰ কাম আৰম্ভ কৰা হৈছে।

গুৱাহাটী প্ৰেছ ক্লাবত কালি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ উপস্থিতিতি সাংবাদিকসকলক ভেকচিন প্ৰদান কৰা হয়।

ইপিনে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন জিলাৰ শীৰ্ষ পদাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কথা পাতি কোভিড পৰিস্থিতিৰ বুজ লয়।