NORTHEAST NOW (Assamese)

কোভিডৰ চতুৰ্থ ঢৌ !দেশত এদিনতে ৫০০০ৰ অধিক লোক কোভিডত আক্ৰান্ত

June 8, 2022 8:22 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে দেশত নতুনকৈ কোভিডতআক্ৰান্ত লোকৰ সংখ্যা বাঢ়িছে।মহাৰাষ্ট্ৰৰ কোভিড গ্ৰাফে উদ্বেগ বৃদ্ধি কৰিছে চৰকাৰৰ। যোৱা ২৪ ঘণ্টাত, ৰাজ্যখনত সংক্ৰমণ 80 শতাংশ বৃদ্ধি হৈছে। বুযোৱা ২৪ ঘণ্টাত দেশত ৫,২৩৩ জন লোক কৰোনাত সংক্ৰমিত হৈছে।

মহাৰাষ্ট্ৰতে এদিনত ১,৮৮১ জন লোক কোভিডত সংক্ৰমিত হৈছে। ৰাজ্য খনত সংক্ৰমণ ৮০ শতাংশ বৃদ্ধি পাইছে। মুম্বাইৰ পৰিস্থিতিও যথেষ্ট উদ্বেগজনক হৈ পৰিছে। এদিনত সংক্ৰমণৰ সংখ্যা ৮৩ শতাংশলৈ বৃদ্ধি পাইছে৷ চহৰখনত এদিনতে ১,২০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হৈছে। কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰও বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনতে সাতজন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত কোভিডৰ ফলত হোৱা মৃত্যুৰ মুঠ সংখ্যা হৈছে ৫,২৪,৭১৫ গৰাকী।

যোৱা ২৪ ঘণ্টাত, সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২৮,৮৫৭ লৈ বৃদ্ধি হৈছে। সমগ্ৰ দেশতে সক্ৰিয় ঘটনাৰ হাৰ ০.০৭ শতাংশলৈ বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ৩৬ হাজাৰ ৭১০ জন লোকক কৰোনাৰ পৰা মুক্ত হৈছে। ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত ৩৩৪৫ জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে। ৰোগমুক্তিৰ হাৰ ৯৮.৭২ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯৪.৪৩ কোটিৰো অধিক কৰোনা ভেকছিন প্ৰদান কৰা হৈছে। ইয়াৰ মাজতে কালি ১৪ লাখতকৈও অধিক লোকে ভেকছিন গ্ৰহণ কৰিছে। বুষ্টাৰ পালি প্ৰদানৰ বিষয়তো গুৰুত্ব দিয়া হৈছে। সংক্ৰমণ যাতে অধিক বিয়পি নপৰে তাৰ বাবে টিকাকৰণৰ লগতে পৰীক্ষাৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। কালি দেশখনত ৩,১৩,৩৬১ জন লোকৰ কোভিডৰ পৰীক্ষা কৰা হৈছিল।

Related News