৯০০লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শোণিতপুৰৰ সুনীল স্বামী (৬০) আৰু গংগা মায়া গুৰুং (৬০), কামৰূপ মহানগৰৰ উমেশ চন্দ্ৰ দাস (৭০) আৰু মৰিগাঁৱৰ ঊষা বৰদলৈ (২৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ৮৯৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৭৭,৬৫৯গৰাকী ব্যক্তিয়ে অসমত বৃহস্পতিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৃহস্পতিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৪,৭২৪ (।)

মুঠ ২,০৩,২৮২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।