NORTHEAST NOW (Assamese)

৯২৩লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

October 29, 2020 9:15 pm · এন ই নাও নিউজ
Updated: October 29, 2020 9:20 pm
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯২৩লৈ বৃদ্ধি পাইছে।

অসমজুৰি কেইবাখনো জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বুধবাৰলৈকে অসমত ৯১৭গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৯২,৫১৪গৰাকী ব্যক্তিয়ে অসমত বুধবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বুধবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১১,৮০৩ (।)

মুঠ ২,০৫,২৩৭গৰাকী ব্যক্তি অসমত বুধবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News