যোৰহাট জিলাৰ মৰিয়নীত হস্তী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ লৈছে। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে মৰিয়নীৰ বিভিন্ন অঞ্চলৰ লগতে পুখুৰীয়া গাঁৱত ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই ধাননি পথাৰ তহিলং কৰি বাসগৃহ ভাঙি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
আনহাতে, শেহতীয়াকৈ বন্যহস্তীৰ জাকটোৱে পুখুৰীয়া গাঁৱৰ বৰ নামঘৰটোত আক্ৰমণ কৰি মণিকুট ভঙাৰ লগতে গুৰু আসন ভাঙি লণ্ড-ভণ্ড কৰি বাহিৰলৈ দলিয়াই দিছিল।
বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে পুখুৰীয়া গাঁওবাসীয়ে প্ৰতি নিশাই উজাগৰে আতংকত দিন কটাবলগীয়া হৈছে।
ইপিনে, বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁৱবাসীক বন বিভাগ তথা চৰকাৰ-প্ৰশাসনে ৰক্ষা কৰিব নোৱাৰাত অৱশেষত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীয়া গাঁওবাসীয়ে গজৰাজলৈ ভোগ আগৱঢ়াই ভগৱানৰ শৰণাপন্ন হোৱা দেখা গ’ল।
পুখুৰীয়া গাঁৱৰ মহিলাসকলে ভোগদৈ নৈৰ পাৰত বন্যহস্তীৰ জাক অহা–যোৱা কৰা পথত গজৰাজলৈ ভোগ আগৱঢ়োৱাৰ লগতে গণেশ বাবাক পূজা–অৰ্চনা কৰি বন্য হস্তীজাকৰ কুদৃষ্টিৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ ভগৱন্তৰ প্ৰতি প্ৰাৰ্থনা জনায়।
গাঁৱৰ মহিলাসকলে নেদেখাজনৰ শৰণাপন্ন হৈ এগছি বন্তি প্ৰজ্বলন কৰি দুখন শৰাই সঁজাই পায়স, কল, কুঁহিয়াৰ আদি ভোগ আগৱঢ়াই গজৰাজলৈ।
আনহাতে, গাঁৱৰ এগৰাকী মহিলাই বন বিভাগ তথা চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘হাতী খেদিবলৈ অহা বন বিভাগৰ লোকসকলৰ গুলী নুফুটে।
‘‘বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আমি খেতি কৰিবলৈ কেতিয়াবাই এৰিলো। এতিয়া অন্তত আমাক জীয়াই থাকিবলৈ সুবিধা অকণ কৰি দিয়ক,’’ অসহায় মহিলা গৰাকীয়ে কয়।