আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯৩০লৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ অৱনী গোস্বামী (৫৫), গোলাঘাটৰ চন্দ্ৰ সিং নাহক (৭০), ডিমা হাচাওৰ বিচতি চাংমা (৫০) আৰু বঙাইগাঁৱৰ হৰেন ৰয় (৭৫)।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
Four more #COVID patients succumbed to their infections today~
Late Abani Goswami (55) of Nagaon; Late Chandra Singh Nahak (70) of Golaghat; Late Bishoti Sangma (50) of Dimahasao; Late Haren Ray (75) of Bongaigaon.
My condolences & prayers!
— Himanta Biswa Sarma (@himantabiswa) October 31, 2020
শুকুৰবাৰলৈকে অসমত ৯২৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।
বিপৰীতে ১,৯৪,৬৬৫গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।
অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১০,৪২১ (।)
মুঠ ২,০৬,০১৫গৰাকী ব্যক্তি অসমত শুকুৰবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।