চাপৰ আৰক্ষী নিৱেশৰ আৰক্ষী জোৱানৰ মাজত হঠাতে কোভিডৰ ত্ৰাস, কিন্তু কিয়?

pol

যোৱা নিশা ধুবুৰী জিলাৰ  চাপৰ থানৰ  অন্তৰ্গত খুটাপাৰা  নামে গাঁওৰ এঠাইৰ পৰা তিনি জন  ড্ৰাগছ ব্যৱসায়ীক এক গোপন সূত্ৰৰ পমখেদি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত যোৱা এটি পুলিচৰ দলে ৰইজৰ সহযোগত আটক কৰে।

দীৰ্ঘদিনৰে পৰা  এই তিনিজন লোকে ড্ৰাগছ , তথা নিচা জাতীয় টেবলেট আদিৰ  ব্যৱসায়  চলাই আছিল বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিছে ।

উল্লেখযোগ্য যে আটকাধীন এই ড্ৰাগছ ব্যৱসায়ী কেইজনক আৰক্ষীয়ে নিশাটো চাপৰ  থানাৰ লকআপত ৰাখে  আৰু আজি  ড্ৰাগছ ব্যৱসায়ী তিনিওজনক স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ চাপৰ এফ আৰ ইউ চিকিৎসালয়লৈ নিয়ে।

স্বাস্থ্য পৰীক্ষাৰ সময়ত ৩ জনৰ ভিতৰত মিনাৰ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰে। ড্ৰাগছ ব্যৱসায়ী মিনাৰ আলীৰ দেহত কোভিড-১৯  ধৰা পৰা পিছতে চাপৰ আৰক্ষী থানাৰ জোৱানসকল শঙ্কিত হৈ পৰা পৰিলক্ষিত হৈছে।

সম্প্ৰতি মিনাৰ আলীক বিলাসীপাৰা  মহকুমাৰ অন্তৰ্গত দ্বীপৰকুটি  কোভিড-১৯  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

বাকী দুজনক জেলহাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিছে !