NORTHEAST NOW (Assamese)

কোভিড – ১৯ :বঙাইগাঁও জিলাত ৰাজহ চক্ৰ পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠন

January 13, 2022 10:01 am · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জিলাত কোভিড-১৯ মহামাৰীৰ নতুন প্ৰজাতি অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হোৱালৈ চাই জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ ভিতৰত জিলাখনৰ পাঁচোটা ৰাজহ চক্ৰতে কোভিড-১৯ আক্ৰান্ত লোকৰ গৃহ আছুতীয়াকৰণৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ৰ গৃহ আছুতীয়াকৰণ নিৰীক্ষণ কমিটী গঠন কৰা হৈছে।

সেই অনুসৰি বঙাইগাঁও ৰাজহ চক্ৰত চক্ৰ বিষয়া ৰুণাভ ৰামচিয়াৰী আৰু কাৰ্যবাহী দণ্ডাধীশ মুনমী শইকীয়াৰ নেতৃত্বত নিৰীক্ষণ কমিটী, ডাংতল ৰাজহ চক্ৰত চক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তী আৰু কাৰ্যবাহী দণ্ডাধীশ শিল্পীৰেখা পণ্ডিতৰ নেতৃত্বত নিৰীক্ষণ কমিটী, মাণিকপুৰ ৰাজহ চক্ৰত চক্ৰ বিষয়া ৰীতিমণি দাস আৰু কাৰ্যবাহী দণ্ডাধীশ শ্যামাশ্ৰী শইকীয়াৰ নেতৃত্বত নিৰীক্ষণ কমিটী, বইটামাৰী ৰাজহ চক্ৰত চক্ৰ বিষয়া সুজাতা গোস্বামী আৰু কাৰ্যবাহী দণ্ডাধীশ আশীষ কলিতাৰ নেতৃত্বত নিৰীক্ষণ কমিটী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বাবে চক্ৰ বিষয়া পল্লৱজ্যোতি নাথ আৰু কাৰ্যবাহী দণ্ডাধীশ মাছুম ইউছুফ আহমেদৰ নেতৃত্বত ৰাজহ চক্ৰ পৰ্যায়ৰ গৃহ আছুতীয়াকৰণ নিৰীক্ষণ কমিটী গঠন কৰা হৈছে।

এই ৰাজহ চক্ৰ পৰ্যায়ৰ গৃহ আছুতীয়াকৰণ নিৰীক্ষণ কমিটীয়ে নিজৰ নিজৰ এলেকাত কোভিড-১৯ আক্ৰান্ত যিসকল ৰোগীয়ে গৃহ আছুতীয়াকৰণত থাকিব তেওঁলোকৰ সকলো দিশ নিৰীক্ষণ কৰি থাকিব।

এই কমিটীয়ে গৃহ আছুতীয়াকৰণত থকা ৰোগীসকলে চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া নিয়মসমূহ পালন কৰিছেনে নাই সেয়া আৰু যদিহে ৰোগীক জৰুৰী চিকিৎসা সেৱা প্ৰয়োজন হয় তেতিয়াহ’লে অনতি পলমে নিৰ্দ্ধাৰিত কোভিড হাস্পতাললৈ তেওঁক পঠোৱাটোও নিশ্চিত কৰিব।

আছুতীয়াকৈ ৰখা ৰোগীক চিকিৎসা কৰ্মীসকলে উপযুক্ত যত্ন লৈছে নাই আৰু কোভিড-১৯ সম্পৰ্কীয় যিকোনো ক্ষেত্ৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাটোও এই নিৰীক্ষণ কমিটীয়ে নিশ্চিত কৰিব।

এই নিৰ্দেশনা তৎকালীনভাৱে বলবৎ হ’ব। বঙাইগাঁৱৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ নিৰ্দেশনামৰ্মে এই কথা প্ৰকাশ কৰা হৈছে।

Related News