NORTHEAST NOW (Assamese)

ভোট গণনা কেন্দ্ৰত প্ৰৱেশৰ বাবে গোলাঘাটত সাংবাদিকৰ ক’ভিড পৰীক্ষা আৰম্ভ

April 30, 2021 5:04 pm · মীনাক্ষী ফুকন
Updated: April 30, 2021 5:05 pm

২০২১ ৰ বিধান সভা নিৰ্বাচন ফলাফলৰ বাবে মাজত মাত্ৰ এটা দিন বাকী ।

ক’ভিড সংক্ৰমণৰ এনে ভয়াবহ পৰিস্থিতিৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া ভোটগণনাক লৈও তৎপৰ হৈ পৰিছে প্ৰশাসন ব্যৱস্থা।

গোলাঘাটতো নিৰ্বাচনী ফলাফলৰ বাবে সাজু হৈ উঠিছে প্ৰশাসনৰ লগতে সংবাদকৰ্মীসকল।

সেইমৰ্মে আজিৰে পৰা জিলাখনৰ সাংবাদিকসকলৰ ক’ভিড পৰীক্ষা আৰম্ভ হৈছে।

২ মে’ত ভোট গণনা কেন্দ্ৰত প্ৰৱেশৰ বাবে অথ’ৰিটী পত্ৰ লাভ কৰা সকলো সাংবাদিকে আজি গোলাঘাটৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা ক’ভিড পৰীক্ষা কেন্দ্ৰত ক’ভিড পৰীক্ষা আৰম্ভ কৰিছে।

কাইলৈও এই কেন্দ্ৰ খোলা থাকিব।

যিহেতু ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ ক’ভিড নিগেটিভ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক, সেয়ে এই ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে।

Related News