NORTHEAST NOW (Assamese)

ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি ,আক্ৰান্ত হ’ল কিমান?

January 19, 2022 8:49 pm · এন ই নাও নিউজ,গুৱাহাটী

ৰাজ্যত আজিৰ দিনটোত আঠ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, মৃতকৰ সংখ্যাও উদ্বেগজনক।

কালান্তক ৰূপ হৈ অসমত পুনৰ সংক্ৰমিত হৈছে কোভিড। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে বাঢ়িছে মৃতকৰ সংখ্যাও।
পজিটিভিটিৰ হাৰো হঠাতে ১২.৮৯ শতাংশ হোৱাৰ কথাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ভয়াৱহ ৰূপটোকে পুনৰবাৰ প্ৰকট কৰিছে।

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৮৩৩৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৯২৯ গৰাকী লোক।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৬৪,৬৯৯ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ১২.৮৯ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৩.৬২ শতাংশ।
আজি কোভিডত মৃত্যু ঘটিছে পোন্ধৰো জন লোকৰ।

Related News