NORTHEAST NOW (Assamese)

ৰাজ্যত আজিৰ দিনটোত কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

July 4, 2021 10:05 pm · এন ই নাও নিউজ

আজিৰ দিনটোত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ  ২ শতাংশৰ ওপৰলৈ গতি কৰাৰ কথাই ৰাজ্যৰ কোভিড পৰিস্থিতি পুনৰ অৱনমিত হোৱাৰ আশংকাকেই প্ৰকট কৰিছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১২১৩ গৰাকী লোক। এই সময়ছোৱাত ৫৩,৮৪৮ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৪০ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.২৫ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৪.৫৬ শতাংশ।

কাইলৈ অৰ্থাৎ সোমবাৰে ৰাজ্য চৰকাৰে পুনৰ এখন নতুন কোভিড SOP প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। যোৰহাট, গোলাঘাটকে ধৰি ৰাজ্যৰ চাৰি খন জিলাত কোভিড এতিয়াও নিয়ন্ত্ৰণলৈ অহা।

কাইলৈ প্ৰকাশ পোৱাৰ সম্ভাৱনা থকা কোভিড SOP ত উক্ত জিলা কেইখনত অধিক কঠোৰ বিধি বলবৎ কৰাৰ সম্ভাৱনা আছে।

Related News