• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী-নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত ‘কাব্যসেঁতু’ অনুষ্ঠান

তিলক প্ৰসাদ by তিলক প্ৰসাদ
July 4, 2021 10:44 pm
hires
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলা সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ যৌথ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে আজি ‘কাব্যসেঁতু’ নামেৰে এটি মনোগ্ৰাহী কাব্য অনুষ্ঠানৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

প্ৰযুক্তি মুক্তধাৰাৰ গুগল মীটৰ জৰিয়তে ৪ জুলাই, দেওবাৰে সন্ধিয়া ৪ বজাৰ পৰা আয়োজিত এই অনুষ্ঠান অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সঞ্চালনা কৰে ।

Apply Now

ধুবুৰীৰ জনপ্ৰিয় শিল্পী মালবিকা ডিহিদাৰে গোৱা এটি গীতেৰে এই অনুষ্ঠান শুভাৰম্ভণি কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ লক্ষ্য–উদ্দেশ্যৰ ব্যাখ্যা আগবঢ়ায় ।

ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে আদৰণী ভাষণ প্ৰদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এই অপূৰ্ব অনুষ্ঠান উদ্বোধন কৰে বৰ্ষীয়ান বিশিষ্ট শিক্ষাব্ৰতী তথা ধুবুৰী গদাধৰ কবিচক্ৰৰ সভাপতি দেৱেন্দ্ৰনাথ শৰ্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, বিশিষ্ট অতিথি হিচাপে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰয়ে , শিক্ষাবিদ মিহিৰ দাস , মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ আদিয়ে অংশ গ্ৰহণ কৰি নিজ নিজ অনুভৱ চমুকৈ ব্যক্ত কৰে ।

নলবাৰীৰ জনপ্ৰিয় কবি তথা শিক্ষাব্ৰতী বিনয় কুমাৰ মজুমদাৰে পঠিত কবিতাবোৰৰ তাৎক্ষণিক পৰ্যালোচনা আগবঢ়াই সকলোকে আপ্লুত কৰে। আৰু সঞ্চালক ড: উপেন্দ্ৰজিত শৰ্মাই শ্ৰী মজুমদাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদ প্ৰদান কৰে।

klkljkjkhj

‘কাব্যসেঁতু’ অনুষ্ঠানত নলবাৰী জিলাৰপৰা অজিত ৰাজবংশী, কংকণ শৰ্মা, কবিতা ডেকা তালুকদাৰ, নিৱেদিতা হাজৰিকা, দীপালিমা দত্ত, প্ৰণীতা হালৈ, হেমেন ৰাজবংশী, মামণি ডেকা, জুনু গোস্বামী, ডিম্বিকা চৌধুৰী, ৰুণুমী দেৱী, ভাস্বতী দেৱী, আৰতী মিশ্ৰ, পাৰুল গোস্বামী, জয় চন্দ্ৰ শৰ্মা, নীলিমা দেৱী ভাগৱতী, হীৰামণি তালুকদাৰ, বনশ্ৰী চৌধুৰী, নিৱেদিতা ডিম্পল আদিৰ লগতে ধুবুৰী জিলাৰপৰা ধনঞ্জয় সিন্‌হা, প্ৰণৱ কুমাৰ বৰ্মন, ডঃ অলকা শৰ্মা, বিজু ভকত, আলতাফ হুছেইন আহমেদ, জুইন দাস, আব্দুল হানিফ খান, হেম চৰকাৰ, ধনঞ্জয় ৰায়, মিহিৰ দাস, হেমলতা কাকতী স্বৰচিত কবিতা পাঠেৰে হীৰুদা লৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় ।

ইপিনে লোক সংগীতৰ প্ৰখ্যাত কণ্ঠ শিল্পী ভোলানাথ ৰায়ে গোৱালপৰীয়া গীত পৰিৱেশন কৰি অনুষ্ঠান টো জিপাল কৰি তোলে । আনহাতে বঙাইগাঁওৰ পৰা কণ্ঠশিল্পী তথা বাঁহীবাদক প্ৰবীণ বৈশ্যই বাঁহী বজাই বাঁহীৰ মধুৰ সুৰেৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

শংকৰ শৰ্মাই স্বৰচিত গীত পৰিৱেশন কৰি হীৰেন ভট্টাচাৰ্যলৈ শ্ৰদ্ধা নিৱেদন কৰে । এই অনুষ্ঠানত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাহিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা ডঃ লীনা ডেকা, হাফলঙৰ বিশিষ্ট সাহিত্যব্ৰতী আলো নুনিচা, নলবাৰীৰ জনপ্ৰিয় লেখক পংকজ গোৱিন্দ মেধি, বঙাইগাঁৱৰ স্বাগত হস্পিটেল নামে এটি নাৰ্চিং হোমৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক আৰু গীতিকাৰ ডাঃ শংকৰ কুমাৰ দাস আৰু মাজুলী সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাধে অতিথি হিচাপে ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ।

ধুবুৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক দীপক দেৱনাথ আৰু আজাদ আলী আহমেদে অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলোলৈ শলাগ জ্ঞাপন কৰে । অসম সংগীতেৰ ‘কাব্যসেঁতু’ অনুষ্ঠান সামৰা হয় ।

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসমী আইৰ সুযোগ্য সন্তান মহান কবি হীৰেন ভট্টাচাৰ্য লৈ হৃদয়েৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি উক্ত অনুষ্ঠানটোৰ আয়োজক সকললৈ ডাঃ এছ কে দাস , নিখিল ৰঞ্জন দাস ,পায়েল মণ্ডল ,আব্দুল হানিফ , ড,: ওলকা শৰ্মা , হেমলতা কাকতি ,আৰতি মিশ্ৰ ,বনশ্ৰী চৌধুৰী ,বিপিন কলিতা ,নৃপেন ভূঞা ,কমল শৰ্মা ,ৰঞ্জিত চিৰিং , প্ৰিন্স সৰকাৰ , ৰত্নেশ্বৰ কলিতা ,মামণি ডেকা ,ৰমেন ভৰালী ,অজন্তা কলিতা ,প্ৰবীণ বৈশ্য আদি বিশিষ্ট ব্যক্তি তথা একাংশ ছাত্ৰ ছাত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd