ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

blue-covid

প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত লোকৰ লগতে মৃত্যুৰ সংখ্যাও ক্ৰমে হ্ৰাস পাই আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাইছে যদিও পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে।

যোৱা কেইদিনত পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ হ্ৰাস পাইছিল যদিও ৰাজ্যত আজি কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কিছু বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৬৪০ গৰাকী লোক। এই সময়ছোৱাত ১,২৭,৮৮৭ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৭২গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.০৬ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৩.৩৩ শতাংশ।

ৰাজ্যখনত পুনৰ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।


ৰাজ্যৰ কোভিড পৰিস্থিতি সামগ্ৰিকভাবে উন্নতি ঘটাৰ লগে লগে ৰাজ্য চৰকাৰে অহা সোমবাৰৰ পৰা এসপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে।
ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে।

ৰাজ্যত কোভিড বিধি সম্পৰ্কত আজি নতুন এছঅ’পি প্ৰকাশ পাইছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কোভিড পৰিস্থিতিক লৈ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পাছতেই এই নীতি নিৰ্দেশনা সমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয় ” ২৪৭ টালৈ hotspotৰ সংখ্যা বৃদ্ধি পাইছে। ৪৫৮১ টা অঞ্চলত চোকা দৃষ্টি ৰাখিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।”

সম্পূৰ্ণ containment জ’ন ঘোষণা কৰা চাৰিখন জিলাত গেলামালৰ দোকানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব বিয়লি ৫ বজালৈকে। গেলামালৰ দোকানতে ৰাইজৰ সুবিধাৰ্থে শাক-পাচলি বিক্ৰী কৰিব পাৰিব বিক্রেতাই।

ইয়াৰ উপৰি কামৰূপ মেট্ৰত ৩ বজালৈ দোকান পোহাৰ খোলা থাকিব, ৪ বজাৰ পৰা সকলো বন্ধ হ’ব। বাকী জিলা সমূহত পূৰ্বৰ নীতি নিৰ্দেশনাই বাহাল থাকিব।