ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

blue-covid

প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত কোভিড সংক্ৰমণৰ ছবি খন প্ৰতিদিনেই সলনি হৈ আছে। কোভিড পজিটিভিটিৰ হাৰ কেইদিনমান পূৰ্বে ২ শতাংশৰ তললৈ নামি গৈছিল যদিও দুদিন মানৰ পৰা পুনৰ ২ শতাংশৰ ওপৰত হৈছে। আজিও তাৰ ব্যতিক্ৰম ঘটা নাই।

পজিটিভিটিৰ হাৰ পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৪২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৬৮৯ গৰাকী লোক। এই সময়ছোৱাত ১,৩৩,৫৪৩ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৬৪ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.০১ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৩.৮৭ শতাংশ।

ৰাজ্যখনত পুনৰ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।

ৰাজ্যৰ কোভিড পৰিস্থিতি সামগ্ৰিকভাবে উন্নতি ঘটাৰ লগে লগে ৰাজ্য চৰকাৰে আজিৰে পৰা এসপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে।

আজিৰে পৰা এসপ্তাহৰ বাবে এই SOP ৰ নিয়ম প্ৰযোজ্য হব।

SOP ত উল্লেখ থকা অনুসৰি কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হৈছে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

এই জিলাসমূহত ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়বোৰ, হোটেল, ৰেষ্টুৰেণ্ট আদি।

আনহাতে মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা, লগতে বোকাখাত মহকুমাত সম্পূৰ্ণ লকডাউন দিয়া হৈছে।

এই লকডাউন দিয়া জিলা কেইখনত জৰুৰীকালীন সেৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গাখীৰ, পানী, ঔষধ আদি সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব, তাৰ বাহিৰে চৰকাৰী-বে-চৰকাৰী কাৰ্য্যালয়, বিপনী সকলো বন্ধ।

ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট, সৰুপথাৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

এই জিলাসমূহত ১ বজালৈহে খোলা ৰাখিব পাৰিব দোকান পোহাৰ।

চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকলে কোভিডৰ এপালি ভেকচিনহে লৈছে তেওঁলোকে সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নক বাদ দি বাকী ঠাইত থকা নিজৰ কাৰ্যালয়লৈ যাব লাগিব।