বঙাইগাঁও জিলাত মহিলাসহ ক’ভিডত দুগৰাকী ব্যক্তিৰ মৃত্যু,নতুনকৈ আক্ৰান্ত ৬২ জন ব্যক্তি

ef

বঙাইগাঁও জিলাত শুকুৰবাৰে পুনৰ নতুনকৈ ৬২ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷
আনহাতে মৃত্যু হৈছে এগৰাকী মহিলাকে ধৰি দুগৰাকী ব্যক্তিৰ ৷

মৃত মহিলাগৰাকী মাণিকপুৰ থানাৰ অন্তৰ্গত দক্ষিণ বিজনী নগৰঝাৰৰ জুৰি বেগম ( ৩২) আৰু বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

আনহাতে আনগৰাকী মৃত ব্যক্তি হ’ল জিলাখনৰ অভয়াপুৰীৰ অনিলেন্দ্ৰ নাৰায়ণ দেৱ( ৮৫) ৷
ব্যক্তিগৰাকীৰ বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত শুকুৰবাৰে পুনৰ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷
জিলাখনত একেদিনাই নতুনকৈ ৬২ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৭ জন হৈছে ৷

ইয়াৰ ভিতৰত ২১৮ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৩৬ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷
জিলাখনত শুকুৰবাৰে মুঠ ২,৭৫৮ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷

আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৪ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২,৯৬২ জন হৈছে ৷

উল্লেখ্য যে জিলাখনত শুকুৰবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ১.৮ শতাংশ ৷