বঙাইগাঁও জিলাত ক’ভিডত এগৰাকী মহিলাৰ মৃত্যু, নতুনকৈ আক্ৰান্ত ২১ জন ব্যক্তি

cov122

বঙাইগাঁও জিলাত দেওবাৰে নতুনকৈ ২১ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷

আনহাতে মৃত্যু হৈছে এগৰাকী মহিলাৰ ৷মৃত মহিলাগৰাকী বঙাইগাঁও জিলাৰ কোকিলাৰ মঞ্জুৱাৰা খাতুন(২৯) ৷
মহিলাগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত নতুনকৈ ২১ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০৭ জনলৈ বৃদ্ধি হৈছে ৷

ইয়াৰ ভিতৰত ২১২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৯৫ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৬ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷

জিলাখনত দেওবাৰে মুঠ ২,৩৭০ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৬ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,০৫৪ জন হৈছে ৷

উল্লেখ্য যে জিলাখনত দেওবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ০.৫ শতাংশ ৷