বঙাইগাঁৱত আজিৰ দিনটোত নতুনকৈ ৩৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

cv

বঙাইগাঁও জিলাত ক’ৰোনা মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে ৷

জিলাখনত বৃহস্পতিবাৰে পুনৰ নতুনকৈ ৩৬জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০৯ জন হৈছে ৷

ইয়াৰ ভিতৰত ১৯৫ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১১৪ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে বৃহস্পতিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪৩ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷

জিলাখনত বৃহস্পতিবাৰে মুঠ ৫,৯৪৯ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ১০ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,২১৮ জন হৈছে ৷