বঙাইগাঁও জিলাত ক’ভিডত এজনৰ মৃত্যু, নতুনকৈ আক্ৰান্ত ৫৭ জন ব্যক্তি

boooooo

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷ জিলাখনত সোমবাৰে নতুনকৈ ৫৭ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷

আনহাতে মৃত্যু হৈছে এগৰাকী ব্যক্তিৰ ৷ মৃত ব্যক্তিগৰাকী বঙাইগাঁৱৰ ধলাগাঁও এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুগ্ধনাথ নাথ ( ৬৯) ৷

বঙাইগাঁৱৰ নৰ্থ বইটামাৰী অঞ্চলৰ দেৱানগাঁও নিবাসী দুগ্ধনাথ নাথৰ ক’ভিডত আক্ৰান্ত হৈ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত নতুনকৈ ৫৭ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩৯ জনলৈ বৃদ্ধি হৈছে ৷

ইয়াৰ ভিতৰত ২১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১২৬ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে সোমবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৭২ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত সোমবাৰে মুঠ ২,৭৪২ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷

আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৭ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,১১৩ জন হৈছে ৷

উল্লেখ্য যে জিলাখনত সোমবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ১.৩ শতাংশ ৷