NORTHEAST NOW (Assamese)

ক’ভিড: অসমত ১৫৮৫ নতুন আৰোগ্য, সক্ৰিয় ৰোগী ১৬,৫৫২

August 7, 2020 11:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

১৫৮৫গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৩৮,৮০৯লৈ বৃদ্ধি পাইছে।

আনহাতে অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৬,৫৫২ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে ২৬৭৯গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

আৰু ছগৰাকী ৰোগীৰ মৃত্যুৰ সৈতে মুঠ মৃতকৰ সংখ্যা ১৩২লৈ বৃদ্ধি পাইছে।

অৱশ্যে অসমত কভিড পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে।

যোৱা ২৪ ঘণ্টাত অসমত ৫৮,৫৩১টা টেষ্ট সম্পন্ন হৈছে। ইয়াৰ বিপৰীতে পজিটিভৰ হাৰ ৪.৫৭ শতাংশ।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৫৫,৪৯৬ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News