NORTHEAST NOW (Assamese)

অসমত ১৭৬২ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩০,১৮২

September 23, 2020 11:26 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৭৬২গৰাকী ব্যক্তিয়ে বুধবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি এতিয়ালৈকে ১,৩২,৭০৯গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩০,১৮২ (।)

আনহাতে ২০৯৮গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

২৯,৮৯৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.০২ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৬.৯৯ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫০৫, যোৰহাটৰ ১৭২, ডিব্ৰুগড়ৰ ১৬০ আৰু লখিমপুৰৰ ১৫২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬৩,৪৯১লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News