NORTHEAST NOW (Assamese)

ক’ভিড১৯: অসমত ৫০হাজাৰ অতিক্ৰম আৰোগ্যৰ, নতুনকৈ মুকলি ২৩১০

August 14, 2020 11:29 pm · এন ই নাও নিউজ

২৩১০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-মুক্ত হৈ চিকিৎসালয় এৰিছে আৰু ৰাজ্যত মুঠ আৰোগ্য লোকৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ৫১,৬৯৩গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২২,৬৩০ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে ২৭০৬গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৪৫ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪৯,৬০৩টা ক’ভিড টেষ্টৰ মাজত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

ইপিনে আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৪,৫০১ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News