NORTHEAST NOW (Assamese)

অসমত ২৪৩২ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৯,৮৩০

September 24, 2020 11:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২৪৩২গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে ১,৩৫,১৪১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৯,৮৩০ (।)

আনহাতে ২০৯১গৰাকী ব্যক্তি বৃহস্পতিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ২৮,৯৯৩টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ৭.২১ শতাংশ। বুধবাৰে এই হাৰ আছিল ৭.০২ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৫২, যোৰহাটৰ ১৯১, ডিব্ৰুগড়ৰ ১৩৬ আৰু গোলাঘাটৰ ১২৭গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬৫,৫৮২লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৬০৮লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News