২৪৬৪গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি বুধবাৰে চিকিৎসালয় এৰিছে।
এইসকলক ধৰি অসমত মুঠ ক’ভিড আৰোগ্য ব্যক্তিৰ সংখ্যা ১,১৯,৩৬৪লৈ বৃদ্ধি পাইছে।
অসমত বৰ্তমান ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ হৈছে ৮০ শতাংশ।
সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৯,০৯১ (।)
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
আনহাতে আৰু ২৩৯৪গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।
টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৩৭ শতাংশ।
যোৱা ২৪ ঘণ্টাত ৩২,৪৭৮টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।
পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫৬, ডিব্ৰুগড়ৰ ১৮৪, যোৰহাটৰ ১৬১ আৰু গোলাঘাটৰ ১৫৮গৰাকী ব্যক্তি।
এইসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,৪৮,৯৬৮লৈ বৃদ্ধি পাইছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।
আনহাতে আৰু ১৯গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যাই পাঁচশৰ সীমা অতিক্ৰম কৰিছে।
৫১১গৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰলৈকে প্ৰাণ হেৰুৱাইছে।
? Discharge Alert
2⃣4⃣6⃣4⃣ patients discharged today
Happy that 80% of our patients have won the battle against #COVID19 & have been sent back to their homes#StaySafeStayHealthy
?Total Discharged Patients: 119364
?Active Patients: 290919:30 PM/Sept 16#AssamFightsCovid pic.twitter.com/umLaFsnx7y
— Himanta Biswa Sarma (@himantabiswa) September 16, 2020
অসমজুৰি বিভিন্ন জিলাত ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।