ক’ভিড১৯: প্ৰাক্তন মুখ্য মন্ত্ৰী, শীৰ্ষ ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিকৰ সৈতে বাৰ্তালাপ সোণোৱালৰ

Assam CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ভূমিধৰ বৰ্মন, প্ৰফুল্ল কুমাৰ মহন্ত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰবৰ্তী, কবীন্দ্ৰ পুৰকায়স্থ, ৰাজেন গোহাঁই আৰু পৱন সিং ঘাটোৱাৰ, অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক পৰিষদৰ অধ্যক্ষ হৰেকৃষ্ণ ভৰালী আৰু সদৌ অসম মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অসমৰ বৰ্তমান পৰিস্থিতি আৰু কৰ’নাভাইৰাছ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে।

ক’ভিড১৯ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱালে তেওঁলোকক অৱগত কৰে।

ৰাজ্য চৰকাৰে সৰুসজাই ষ্টেডিয়ামত ক’ভিড১৯ ৰোগীৰ বাবে এহেজাৰ বিচনাযুক্ত কুৱাৰেণ্টাইন ব্যৱস্থা, চিকিৎসা মহাবিদ্যালয়োসমূহ সাজু কৰি তোলা, ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ, শিলচৰ আৰু বঙাইগাঁৱত ৫খন প্ৰীফেব্ৰিকেটেড ক’ভিড১৯ চিকিৎসালয় স্থাপনৰ পৰিকল্পনা, চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীক প্ৰশিক্ষণৰ ব্যৱস্থা আদি সম্পৰ্কে তেওঁলোকক অৱগত কৰে।

বৰ্তমানৰ সংকটৰ সময়ত ৰাজ্যৰ ৫৮লাখ পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল বিতৰণৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও মুখ্য মন্ত্ৰীয়ে তেওঁলোকক অৱগত কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যত ক’ভিড১৯ ৰোগী দ্ৰুতগতিত বৃদ্ধি পালেও প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু আছে।

লকডাউনৰ সময়ত সামাজিক দূৰত্ব তথা আন নীতি-নিয়মসমূহ পালনৰ ক্ষেত্ৰত জনসচেতনতাৰ সৃষ্টিৰ উদ্যোগ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নেতাসকলক আহ্বান জনায়।