ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ-পূবৰ চৰকাৰ সমূহে চলাই থকা যুঁজৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীকে ধৰি অন্যান্য ক্ষেত্ৰত সহায় অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে।
বিগত সময়ছোৱাত ভাৰতীয় বায়ু সেনা বাহিনীয়ে নিজৰ হেলিকপ্তাৰেৰে মণিপুৰ, নাগালেণ্ড আৰু গেংটকলৈ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী সমূহ যোগান অব্যাহত ৰাখিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সদৰী কৰিছে।
ইয়াৰ উপৰিও বায়ু সেনা বাহিনীয়ে জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখলৈও সহায় অব্যাহত ৰাখিছে।
৬ এপ্ৰিলত বায়ু সেনা বাহিনীৰ এএন-৩২ হেলিকপ্তাৰে চেন্নাইস্থিত আই চি এম আৰৰ পৰা ওড়িশালৈ টেষ্টিং লেব নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ৩,৫০০ কেজি সামগ্ৰী অনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।
অতি সীমিত সময়ৰ ভিতৰতে ভাৰতীয় বায়ু সেনাবাহিনীয়ে ক’ভিদ-১৯-ৰ বিৰুদ্ধে চলি থকা যুঁজৰ ক্ষেত্ৰত সহায়ৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ যোগান ধৰি আহিছে।
ভাৰতীয় বায়ু সেনা বাহিনীয়ে সোমবাৰে টুইটাৰত লিখে, ”হাৰ কাম দেশ কে নাম-হেলিকপ্তাৰ আৰু অন্যান্য পৰিবহন ব্যৱস্থাৰ সৈতে কোভিদ-১৯-ৰ বিৰুদ্ধে যুঁজত। এম আই১৭ভি৫ৰে বাঘদোগৰাৰ পৰা গেংটকলৈ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী কঢ়িওৱাৰ সময়ত।”