NORTHEAST NOW (Assamese)

এক লাখৰ সীমা অতিক্ৰম কৰিলে অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যাই

August 28, 2020 10:39 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ভিড১৯ পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই অসমত শুকুৰবাৰে এক লাখৰ সীমা অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ১,০১,৩৬৭গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

২৫৬০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৩৮ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪০,১০২টা টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৬২, যোৰহাটৰ ১৬৭, কাছাৰৰ ১৬৫, ডিব্ৰুগড়ৰ ১৩৯ আৰু হাইলাকান্দিৰ ১৩৫গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২১,৭৭১ (।)

আনহাতে আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৬লৈ বৃদ্ধি পাইছে।

বিপৰীতে ৭৯,৩০৭গৰাকী ব্যক্তিয়ে অসমত বৃহস্পতিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News