NORTHEAST NOW (Assamese)

নাগালেণ্ডত ক’ৰ’না প’জিটিভ ৰোগীৰ সংখ্যা ৬৬৬২ গৰাকীলৈ বৃদ্ধি

October 7, 2020 6:54 am · এন ই নাও নিউজ

নাগালেণ্ডত বিগত ২৪ ঘণ্টাত নতুনকৈ ৬৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৬৬২ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগায়নু ফোমে টুইট যোগে এই কথা প্ৰকাশ কৰে।

‘‘আজি সম্পন্ন হোৱা ক’ৰ’না পৰীক্ষাত ৬৮ গৰাকী লোক কোভিড প’জিটিভ হয়,’’ ফোমে টুইট কৰে।

নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ৬৮ গৰাকী লোকৰ ভিতৰত ৩১ গৰাকী ডিমাপুৰ জিলাৰ, ২৯ গৰাকী কহিমা, ৪ গৰাকী পেৰেণ আৰু দুগৰাকী ক্ৰমে মুককচুং আৰু মুন জিলাৰ।

আনহাতে, বিগত ২৪ ঘণ্টাত নাগালেণ্ডত ৩৭ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পুৰ্ণৰূপে সুস্থ হৈ উঠে।

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোক সকলৰ ভিতৰত ২৮ গৰাকী ডিমাপুৰ জিলাৰ, ৪ গৰাকী কোহিমা, ৩ গৰাকী মুন আৰু ২ গৰাকী ফেক জিলাৰ।

নাগালেণ্ডত সৰ্বামুঠ ৬৬৬২ গৰাকী লোক কোভিড সংক্ৰমিত হলেও বৰ্তমানলৈ চিকিৎসাৰ অন্তত ৫৪০৮ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

তদুপৰি, নাগালেণ্ডত এতিয়ালৈ ১২ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Related News