NORTHEAST NOW (Assamese)

শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা; পুনৰ এগৰাকী আক্ৰান্ত মহিলাৰ মৃত্যু

May 5, 2021 6:47 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: May 5, 2021 6:50 am
প্ৰতিনিধিত্বমূলক ফটো।

শিৱসাগৰত দৈনিক বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা। প্ৰশাসনে কৰোনা সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰোধ কৰিব পৰা নাই কোভিড আক্ৰান্তৰ সংখ্যা।

মংগলবাৰে জিলাখনত ১৪৪০ গৰাকী ব্যক্তিৰ শ্বাৱ টেষ্ট কৰা হয় আৰু ইয়াৰে ৫৮ গৰাকী ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমান জিলাখনত ৪৩৭ গৰাকী ব্যক্তি কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইয়াৰে ৪৯৭ গৰাকী ব্যক্তি চিকিৎসকৰ পৰামৰ্শ অনুসৰি হোম আইশ্যলেচনত থকাৰ বিপৰীতে ২৮ গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত, ৮ গৰাকী চ্যুকাফা হস্পিতালত, ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজত এজনকৈ আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্চিং হোমত দুজন ব্যক্তি চিকিৎসাধীন হৈ আছে।

ইপিনে ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ৮৩৬ গৰাকী ব্যক্তিৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। মংগলবাৰে ৬৪ গৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

আনহাতে মংগলবাৰে পুনৰ এগৰাকী মহিলা কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত মহিলাগৰাকীৰ নাম চিফিয়া ৰহমান দৌল্লা(৬৬) বুলি জানিব পৰা গৈছে।

শিৱসাগৰৰ ধাই আলিৰ নিবাসী মহিলাগৰাকী মংগলবাৰে যোৰহাট মেডিকেল কলেজত মৃত্যু হয়। এতিয়ালৈকে জিলাখনত পাঁচ গৰাকী ব্যক্তি কোভিডত আক্ৰান্তৰ হৈ মৃত্যু হৈছে।

Related News