NORTHEAST NOW (Assamese)

SBI-ৰ টীয়ক, বামুণপুখুৰী শাখা বন্ধ; দহ কৰ্মচাৰী ক’ভিড পজিটিভ

August 6, 2020 6:43 pm · নিৰ্মলেন্দু পাঠক
প্ৰতীকী ছবি।

ভাৰতীয় ষ্টেট বেংকৰ টীয়ক আৰু বামুণপুখুৰী শাখাৰ কৰ্মচাৰী ক’ভিড পজিটিভ চিনাক্ত হোৱা বাবে দেওবাৰলৈকে দুয়োটা বেংক বন্ধ ঘোষণা কৰা হৈছে।

বেংক শাখা দুটাত দুটা দিনৰ বিৰতিত দহগৰাকীলৈ কৰ্মচাৰী ক’ভিড পজিটিভ চিনাক্ত হৈছে।

আগষ্টত টীয়ক শাখাত ৰেপিড টেষ্টত ছগৰাকী কৰ্মচাৰী ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

বিপৰীতে বামুণপুখুৰী শাখাত আজি কৰা ৰেপিড টেষ্টত চাৰিগৰাকী কৰ্মচাৰীক কভিড পজিটিভ পোৱা হয়l

ভাৰতীয় ষ্টেট বেংকৰ দুটা গুৰুত্বপূৰ্ণ শাখাত ভিড১৯ৰ সংক্ৰমণে স্বাভাৱিকতেই টীয়কৰ গ্ৰাহকসকলৰ মাজত শংকাৰ সৃষ্টি কৰিছে।

ইফালে প্ৰথম পৰ্য্যায়ত দেওবাৰলৈকে বেংককেইটা বন্ধ ঘোষণা কৰাৰ ফলতো গ্ৰাহকসকল সমস্যাত পৰিব লগা হৈছে।

বেংক দুটাৰ পৰিচালকৰ পৰা জানিব পৰা মতে পৰৱৰ্তী সময়ত বেংক খোলা সম্পৰ্কত পৰিস্থিতি অনুযায়ী সিদ্ধান্ত লোৱা l

Related News