মানসিক স্বাস্থ্যই চেতনাগত, আচৰণগত আৰু আৱেগিক সুস্বাস্থ্যক সূচায়। ই হৈছে মানুহে কিদৰে ভাবে, অনুভৱ কৰে আৰু আচৰণ কৰে সেই সকলোবোৰ। আমি কিদৰে চাপৰ মোকাবিলা কৰো, আনৰ সৈতে সম্পৰ্কিত হওঁ, আৰু বাচনি কৰো সেয়া নিৰ্ধাৰণ কৰাতো ই সহায় কৰে। শৈশৱৰ পৰা কৈশোৰ হৈ প্ৰাপ্তবয়স্কলৈকে জীৱনৰ প্ৰত্যেক ঢাপতে মানসিক স্বাস্থ্য গুৰুত্বপূৰ্ণ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰত মানসিক আৰু আচৰণগত বিকাৰৰ বৃহৎ বোজাভৰা দেশৰ তালিকাৰ শীৰ্ষত আছে।
ক’ভিড-১৯ মহামাৰীৰ কাৰণে, শাৰীৰিক দূৰত্বৰ প্ৰ’ট’কল বজাই ৰাখি মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য কৰা সমগ্ৰ বিশ্বৰ স্বাস্থ্য খণ্ডক এক গুৰুতৰ ভাবুকিয়ে ছানি ধৰিছে। আনকি ভাৰতত, চাৰিটা পৰ্য্যায়ৰ লকডাউনে কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ঘৰতে থাকিবলৈ বাধ্য কৰিছে যি এক খুব শ্বাসৰুদ্ধকৰ আৰু বিষণ্ণ মানসিক অৱস্থালৈ লৈ গৈছে। এই সংকটৰ সময়ত সকলো শিক্ষাৰ্থীৰ মাজত মানসিক স্বাস্থ্যই প্ৰথম অগ্ৰাধিকাৰ পোৱা উচিত। তেওঁলোকৰ বহুতেই হয়তো শেহতীয়াকৈ নিজৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যা চিনাক্ত কৰিছে, কাৰণ তেওঁলোকে কেতিয়া আৰু ক’ৰ পৰা ই আহিল সেয়া উলিয়াব নোৱাৰিব পাৰে। কিন্তু, লকডাউন প্ৰ’ট’কলৰ বাবে তেওঁলোক তেওঁলোকৰ বন্ধুবৰ্গ, সহপাঠী, শিক্ষক আৰু তেওঁলোকৰ প্ৰিয় কলেজীয়া পৰিৱেশৰ আঁতৰত থকাটোৱে তেওঁলোকৰ মানসিক স্বাস্থ্য সংকটৰ সমস্যা নিশ্চিতকৈ বৃদ্ধি কৰিছে।
তুমি বিভিন্ন মানসিক স্বাস্থ্য সমস্যাৰ মুখামুখি হ’ব পাৰা, যেনে— চাপ আৰু দুঃশ্চিন্তা, বিষণ্ণতা, নিচা আৰু মদ আসক্তি, ADHD (Attention Deficit Hyperactive Disorder), খাৱন বিকাৰ, OCD (Obsessive Compulsive Disorder), PTSD (Post-Traumatic Stress Disorder), আত্ম-আঘাত, শোৱাত সমস্যা আদি।
এই বিশ্বজনীন স্বাস্থ্য সংকটৰ সময়ত এই সমস্যাসমূহৰ পৰা তুমি কিদৰে ওলাই আহিব পাৰা? এই মহামাৰীৰ সময়ত মানসিকভাৱে ঠিক আৰু সুস্থ হৈ ৰোৱাৰ বাবে এক মন্ত্ৰ হৈছে “POSITIVITY” (।) পজিটিভিটি মানে হৈছে মনৰ এক ধনাত্মক অৱস্থা। পজিটিভিটি মানে এক আশাবাদী ধৰণেৰে ভবা, সমাধান বিচৰা, ভাল ফল আৰু সফলতা আশা কৰা, আৰু জীৱনত মনোনিৱেশ কৰা আৰু ইয়াক অধিক আনন্দদায়ক কৰি তোলা। ই এক সুখী আৰু উদ্বিগ্নতাহীন মনৰ অৱস্থা, যি জীৱনৰ উজ্জ্বল দিশৰ প্ৰতি দৃষ্টি দিয়ে। এক ভাল মানসিক স্বাস্থ্যৰ কাৰণে নিশ্চিতভাৱে চূড়ান্ত সমাধান হৈছে পজিটিভিটি। অৱশ্যে ইয়াত মই শব্দটো সংক্ষেপন ৰূপেহে ব্যৱহাৰ কৰিছো। পজিটিভিটিয়ে কি বুজাইছে এটা এটাকৈ চোৱা হওক।
P- Pleasurable Activities/ আনন্দদায়ক কাম-কাজ: তোমাৰ মানসিক অৱস্থা উন্নীত কৰাৰ বাবে তুমি নিজকে আনন্দদায়ক কাৰ্য্যকলাপত জৰিত কৰা দৰকাৰ। তোমাৰ পচন্দৰ কাৰ্য্যবোৰ তুমি ঢুকি পোৱাৰ বাহিৰত থাকিব পাৰে। ই বাহিৰৰ পৰিৱেশত থাকিব পাৰে। গতিকে এনে ক্ষেত্ৰত পচন্দৰ কাৰ্য্যৰ পৰিৱৰ্তন সধাতো গুৰুত্বপূৰ্ণ। তোমাৰ পচন্দৰ কাৰ্য্যবোৰ গান শুনা, নচা, ছবি অঁকা, কিতাপ পঢ়া, ৰন্ধা, চিনেমা চোৱা আদিলৈ সলনি কৰাতো গুৰুত্বপূৰ্ণ। কিন্তু বুজিব লগা কথাটো হৈছে মানসিক অৱস্থা সলোৱাৰ যুঁজত আমি অকলশৰীয়া নহয়, সমগ্ৰ বিশ্বই এই বিপদৰ মুখামুখি হৈছে য’ত বহুদিন ধৰি আনন্দ দি নহা এটা কাৰ্য্যত আনন্দৰ সন্ধান এক উমৈহতীয়া লক্ষ্য হৈ পৰিব পাৰে। ইয়াৰ বাহিৰেও, এই কথাও জনা উচিত যে বেছিকৈ চ’চিয়েল মিডিয়া ব্যৱহাৰে ব্যক্তিক বিষণ্ণ কৰি তুলিব পাৰে।
O- Objectives and Goals/ উদ্দেশ্য আৰু লক্ষ্য: এজন লোকৰ জীৱনত নিশ্চিতভাৱে উদ্দেশ্য আৰু লক্ষ্য থাকে। নহ’লে লক্ষ্যবোৰ নিৰ্ধাৰণ কৰা, কিন্তু সেইবোৰ বাস্তৱসন্মত চৰিত্ৰৰ হোৱা উচিত। মেজাজ উন্নীত কৰা আৰু সমস্যাসমূহক উদগনি দি অহা বাহ্যিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবে সমস্যাহীন এখন জগতৰ কল্পনা কৰা আৰু সেয়া সমাধানৰ বাবে পদক্ষেপ লোৱাটো এক খুব কাৰ্য্যকৰী পথ হ’ব পাৰে।
S- Support Network/ সমৰ্থকৰ নেটৱৰ্ক: আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে, এজন ব্যক্তিক শিক্ষক, অভিভাৱক আৰু বন্ধুবৰ্গৰ এক সমৰ্থক নেটৱৰ্কৰ প্ৰয়োজন যি বিচ্ছিন্নতাৰ অনুভৱ হ্ৰাস কৰিব পাৰে। এই নেটৱৰ্কটো তেওঁলোকে নিজেই সৃষ্টি কৰিব লাগিব যি তেওঁলোকৰ পৰিৱেশ সম্পৰ্কে বেলেগকৈ ভবাত আৰু তেওঁলোকৰ মেজাজ উন্নীত কৰাত সহায় কৰিব পাৰে।
I- Identify/ চিনাক্ত কৰা: সমস্যাটোৰ মূল হৈছে লক্ষণবোৰক সাধাৰণ বুলি বিবেচনা কৰা। বিৰক্তি, অনবৰতে ভাগৰ লাগি থকা বা অসহজ লাগি থকা, মূৰ বিষ, মেজাজ সলনি হৈ থকা বা নিদ্ৰাহীনতা আদি– কিবা এটাযে বেঠিক হৈ আছে আৰু সেয়া এৰাই চলিব নোৱাৰি– তাৰ সাধাৰণ লক্ষণ। আমাৰ মাজৰ বহুতেই যে একেধৰণৰ সমস্যাত ভুগি থাকিব পাৰে সেইটো অনুভৱ কৰাটো ভাল।
T- TIPP-Body Chemistry/ শৰীৰী ৰসায়ন: আমাৰ জৈৱিক উপাদান আমাৰ মানসিক অৱস্থাৰ সৈতে আন্তঃসম্পৰ্কযুক্ত। এইক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা এটা ফৰ্মুলা হ’ল TIPP (Temperature, Intense exercise, Paced breathing, and Paired muscle relaxation)। উদাহৰণস্বৰূপে, তোমাৰ দেহৰ উষ্ণতা পৰিৱৰ্তন কৰাৰ বাবে তুমি গা ধুব পাৰা।
I- In-action/ সক্ৰিয় হোৱা: লকডাউনৰ সময়ত এজন ব্যক্তিয়ে হয়তো ঘৰত শুই বা বহি বহুত সময় কটায়। কিন্তু, কেলৰি খৰচ কৰাটো গুৰুত্বপূৰ্ণ। ফিট হোৱাৰ সংকল্প লোৱাটো সহজ, কিন্তু এই পৰিস্থিতিত সক্ৰিয় হৈ থকাটোও প্ৰত্যাহ্বানজনক হ’ব পাৰে। প্ৰণোদিত হৈ থকাটো কঠিন হ’ব পাৰে আৰু সক্ৰিয় হোৱাৰ বাটত সকলো বাধা আহি পৰিব পাৰে।
V- Value Yourself/ নিজকে মূল্য দিয়া: নিজকে দয়া আৰু সন্মান দিয়া আৰু আত্ম-সমালোচনা এৰাই চলা। নিজকে মূল্যায়ন কৰা প্ৰয়োজন। সেয়া প্ৰয়োজনীয়, কিন্তু প্ৰতিবাৰ আত্ম-সমালোচনা এৰাই চলা। আত্ম-মূল্য আৱেগজনিত হোৱাতকৈ অধিক আচৰণগত, আনৰ তুলনাত নিজক তুমি কি বুলি অনুভৱ কৰা তাতকৈ ই হৈছে তুমি যাক মূল্য দিয়া সেই দিশত নিজকো সাঙুৰি তুমি কিদৰে কাম কৰা।
I- Information/ তথ্য: “তথ্য”ত বিশ্বাস ৰাখিবা; তথ্যৰ বিকাৰত যেনে, মিছইনফৰ্মেচন, ডিছইনফৰ্মেচন আৰু মেল-ইনফৰ্মেচনত নুভুগিবা। কৰ’নাভাইৰাছক লৈ সাগৰসদৃশ ভুৱা তথ্যৰ ঢলৰ পৰত, এই সময়চোৱা চ’চিয়েল মিডিয়াত ভুৱা বাতৰি আৰু গুজৱৰ সময়ৰূপে অংকিত হৈছে। সেয়ে চ’চিয়েল মিডিয়াৰ ভাইৰেলিটিৰ সলনি প্ৰকৃত উৎসৰ পৰা পোৱা তথ্যহে বিশ্বাস কৰিব লাগে। প্ৰকৃত তথ্যৰ বাবে নিজৰ মনটো সক্ৰিয় কৰাৰ চেষ্টা কৰিবা।
T- Time-table/ সময়সূচী: এই সংকটৰ সময়ত সময়সূচী মানি চলা খুবেই প্ৰয়োজন, কিন্তু একঘেয়ামি আঁতৰ কৰিবা। এই বিপদৰ সময়ত কোনোৱে শোৱাত অসুবিধা পাৰে, কাৰণ তেওঁলোকৰ শাৰীৰিক গতিশীলতা বেছি নাই, এইটো স্বাভাৱিক। শোৱাৰ অন্ততঃ দুঘণ্টা আগৰ পৰা ম’বাইল ফোন ব্যৱহাৰ নকৰিবা আৰু এখন কিতাপ পঢ়িবা। আৰু ৰাতিপুৱা সদায় একে সময়তে উঠিবা।
Y- Yoga and meditation/ যোগ আৰু ধ্যান: সদায় ভাল মানসিক স্বাস্থ্যত সহায় কৰে। কোনোবাই ভাবিব পাৰে যে ই তেওঁলোকক সহায় নকৰিব। অন্ততঃ এসপ্তাহৰ বাবে চেষ্টা কৰা। অন্যথা, এটুকুৰা ঠাইত বহা, য’ত কোনেও তোমাক আমনি কৰিব নোৱাৰে, আৰু চকুমুদি তোমাৰ জীৱনৰ আটাইতকৈ প্ৰিয় মুহূৰ্তটো মনত পেলোৱাৰ চেষ্টা কৰা।
এই “POSITIVITY” ফৰ্মুলাটোৱে তোমাক বহুত সহায় কৰিব। তোমালোক, শিক্ষাৰ্থীসকল, নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্ন, তোমালোকৰ বহুতেই প্ৰজেক্ত ৱৰ্ক, পৰীক্ষা, কেম্পাছ ৰিক্ৰুইটমেণ্ট, চাকৰি আৰু আসন্ন ভৱিষ্যত সম্পৰ্কে মোৰ সৈতে যোগাযোগো কৰিছা। আমি নাজানো প’ষ্ট-ক’ভিড সময়ৰ পৃথিৱীখন কেনেকুৱা হ’ব। কিন্তু, নিশ্চিত যে যোৱাটো বছৰৰ দৰে সাধাৰণ হ’বলৈ এটা দশক লাগিব। এই সংকটত আমি সংগ্ৰাম কৰিব লাগিব আৰু নিগেটিভিটিক অতিক্ৰম কৰিব লাগিব। এই সময়চোৱাক এক বিৰতি হিচাপে ব্যৱহাৰ নকৰিবা, বৰং তোমাৰ সময়খিনি তোমাৰ সমগ্ৰ পজিটিভ শক্তিৰে ব্যৱহাৰ কৰা আৰু নতুন দক্ষতা আয়ত্ব কৰা। নিশ্চিতভাৱে, “আমি জয়ী হ’ব পাৰিম।”
(লেখক সহযোগী অধ্যাপক আৰু মুৰব্বী, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। তেখেত ডঃ অনামিকা ৰয় মেম’ৰিয়েল ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টিও। তেখেতৰ টুইটাৰ হেণ্ডল @ankurandutta)