অহা ১৪ ফেব্ৰুৱাৰীত দেশজুৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাই পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা জাননী শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা হৈছে যদিও ব’ৰ্ডৰ পূৰ্বৰ জাননীকে অনুসৰণ কৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ সাজু হৈছে মধ্যপ্ৰদেশ। ৰাজ্যখনত অহা ১৪ ফেব্ৰুৱাৰীত ‘গৰু আলিংগন দিৱস’ পালন কৰা হ’ব।
বিজেপি শাসিত ৰাজ্যখনৰ গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ স্বামী অখিলেশ্বৰানন্দ গিৰীয়ে এই কথা সদৰী কৰে। গিৰীৰ মতে পশু কল্যাণ ব’ৰ্ডে জাননীত উল্লেখ কৰা গো আলিংগন দিৱস এক ভাল পদক্ষেপ আৰু সেয়েহে জাননী প্ৰত্যাহাৰ কৰিলেও এই দিৱস পালন কৰা হ’ব।
উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা এক জাননী যোগে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু এই জাননীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছত আন এক বিবৃতি যোগে ব’ৰ্ডে শেহতীয়াকৈ এই সিদ্ধান্ত বাতিল কৰা হৈছে বুলি সদৰী কৰিছিল।
কিন্তু মধ্যপ্ৰদেশৰ গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ স্বামী অখিলেশ্বৰানন্দ গিৰীয়ে পূৰ্বৰ আহ্বানক সমৰ্থন কৰি ‘গৰু আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাইছে। স্বামীয়ে কয়, “এয়া এক ভাল পদক্ষেপ আছিল আৰু সেইবাবেই আমি ইয়াক সমৰ্থন কৰিছিলো।”
“এতিয়া তেওঁলোকে পূৰ্বৰ আবেদন প্ৰত্যাহাৰ কৰিছে। কি কাৰণে কৰিছে, তেওঁলোকেহে জানে। আমি বিশ্বাস কৰোঁ যে ব’ৰ্ডে এনে আবেদন প্ৰত্যাহাৰ কৰিব নালাগিছিল। যিহেতু ই এক ভাল পদক্ষেপ আছিল। গতিকে আমি গো আলিংগন উদযাপনৰ সিদ্ধান্ত লৈছো।”— তেওঁ লগতে কয়।
১৪ ফেব্ৰুৱাৰী দিনটোত বিশ্বত ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয়। কিন্তু ভাৰতৰ হিন্দুত্ববাদী সংগঠনসমূহে ভেলেণ্টাইন ডে’ ভাৰতীয় সংস্কৃতি বিৰোধী বুলি উল্লেখ কৰি ভেলেণ্টাইন ডে’ উদযাপনৰ বিৰোধিতা কৰি আহিছে। কেৱল সিমানেই নহয়, ভেলেণ্টাইন ডে’ পালন কৰা প্ৰেমিক-প্ৰেমিকাসকলক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত একাংশ হিন্দুত্ববাদী সংগঠনে হাৰাশাস্তি কৰাও বিগত সময়ত দেখিবলৈ পোৱা গৈছে।
যিহেতু ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিন ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়, সেয়ে ভেলেণ্টাইন ডে’ক প্ৰত্যাহ্বান জনাবলৈকে গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি স্বাভাৱিকতেই দেশ জুৰি চৰ্চা চলিছিল। তদুপৰি ব’ৰ্ডে পূৰ্বৰ জাননীত পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰিছিল।
এতিয়া গিৰীয়ে গো আলিংগন দিৱসৰ সমৰ্থনত ১৪ ফেব্ৰুৱাৰী তাৰিখটো কোনেও উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা নহয় আৰু আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি একেই ইংগিত দিছে।