কোন দেশৰ ৰাষ্ট্ৰীয় জন্তু গৰু?
সৌজন্য-- India Today
গৰু নেপালৰ ৰাষ্ট্ৰীয় জন্তু। ভাৰতৰ চুবুৰীয়া দেশখনত গো-হত্যা নিষিদ্ধ।
হিন্দু ৰাষ্ট্ৰৰ পৰা ধৰ্মনিৰপেক্ষ হোৱা নেপালত সংবিধানে ২০১৫ চনত গৰুক ৰাষ্ট্ৰীয় জন্তুৰূপে স্বীকৃতি দিছে।\
একাংশ লোকে গঁড়ক দেশখনৰ ৰাষ্ট্ৰীয় জন্তু ঘোষণাৰ প্ৰস্তাৱ দিছিল যদিও অৱশেষত গৰুক এই স্বীকৃতি প্ৰদান কৰা হয়।
পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাত বাস কৰা নেপালীসকল গোপালনৰ বাবে বিখ্যাত।
নেপালীসকলে গৰুক পৱিত্ৰ বুলি গণ্য কৰে।