NORTHEAST NOW (Assamese)

“গৌমূত্ৰ পান কৰাৰ বাবে ভগৱানে মোক কুশলে ৰাখিছে!” : বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ

May 17, 2021 8:25 pm · এন ই নাও নিউজ
Updated: May 17, 2021 8:28 pm

পুনৰ বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ।

সাংসদগৰাকীয়ে দেওবাৰে ভূপালৰ এটা অনুষ্ঠানত কয় যে ক’ভিড-১৯ ৰোধ কৰিবলৈ গৌমূত্ৰ পান কৰা উচিত।

“দেশীয় গৰুৰ মূত্ৰই আমাৰ হৃদযন্ত্ৰক অসুখ সোঁচৰাৰ পৰা আতৰাই ৰাখে। মই নিজে অনেক শাৰিৰীক অসুস্থতাত ভূগি আছো কিন্তু প্ৰতিদিনাই গৌমূত্ৰ পান কৰি আহিছো।”

তেওঁ কয় যে গৌমূত্ৰৰ বাদে কৰোণাভাইৰাছক ৰুধিবলৈ তেওঁ আন একো ঔষধ ব্যৱহাৰ কৰা নাই আৰু সেয়ে ভাইৰাচে তেওঁক সুঁচৰিব পৰা নাই।

“মই বিশ্বাস কৰো যে গৌমূত্ৰ পান কৰি থকাৰ বাবে ভগৱানে মোক সুৰক্ষিত কৰি ৰাখিছে।”- সাংসদগৰাকীয়ে কয়।

গৌমূত্ৰক তেওঁ ‘জীৱনদায়িনী ঔষধ’ হিচাপেও আখ্যা দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ এই সাংসদগৰাকী ২০০৮ চনত সংঘটিত হোৱা মালেগাঁও বোমা বিস্ফোৰণৰ এগৰাকী অভিযুক্ত হিচাপে কাৰাবাস খাটিছিল।

Related News