চৰকাৰৰ নীতিৰ বিৰোধিতাৰে শিৱসাগৰত চিপিআই, চিপিআই(এম)ৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

20191011_115204

চৰকাৰৰ নীতিৰ বিৰোধিতাৰে শিৱসাগৰত শুকুৰবাৰে চিপিআই, চিপিআইএমৰ অৱস্থান ধৰ্মঘট। ফটো: নৰ্থইষ্ট নাও

দেশৰ বাওঁদল সমূহে যোৱা ১০ অক্টোবৰৰ পৰা অহা ১৬ অক্টোবৰলৈ  সপ্তাহজুৰি দেশজোৰা আন্দোলনৰ আহ্বান জনাইছিল।

শুকুৰবাৰে শিৱসাগৰ জিলাৰ চি পি আই আৰু চি পি আই এম দলেও যৌথভাৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

চিপিআই, চিপিআই(এম)ৰ মূল দাবী সমুহ হল মূল্যবৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি, শ্ৰমিকৰ ন্যূনতম মজুৰি ১৮০০০ টকা ধাৰ্য কৰা, ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষকৰ ঋণ মাফ কৰা, ৬০ উৰ্দ্ধৰ পুৰুষ-মহিলা সকলো কৃষকক মাহে ৩০০০ টকাকৈ পেঞ্চন দিয়া, এনৰেগাৰ আৱন্টন বৃদ্ধি কৰাৰ লগতে ২০০ দিনৰ কামৰ নিশ্চয়তা প্ৰদান আৰু মজুৰি নিশ্চিত কৰা।

অৱস্থান ধৰ্মঘটস্থলীত অংশ লৈ চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয় যে দেশে আজি অৰ্থনৈতিক মহাসংকটত ভুগিব লগীয়া হৈছে প্ৰধানত: বিমূদ্ৰাকৰণ আৰু জি এছ টি ফলত যিটো সকলো অৰ্থনীতিবিদে স্বীকাৰ কৰিছে ৷

তেওঁ কয় যে ইয়াৰ ফলত দেশৰ জনগণৰ ক্ৰয় ক্ষমতা নোহোৱা হ’ল ৷ ১৬ টা খণ্ডত মন্দাই দেখা দিছে আৰু  লাখ লাখ কৰ্মচাৰী চাটাই হ’ল ৷ ফলত ইয়াৰ পৰিত্ৰাণ বিচাৰি চৰকাৰে সকলো প্ৰধান উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰিবলৈ উঠি পৰি লাগিছে অথচ পুঁজিপতিগোষ্ঠীক লাখ লাখ কোটি টকা ৰেহাই দিছে ৷

ইপিনে, জনতাৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ অস্বাভাৱিক দাম হ্ৰাস কৰাত কেন্দ্ৰ-ৰাজ্য দুয়োখন চৰকাৰ চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও তেওঁ চোকা সমালোচনা কৰে ৷

দুৰ্নীতি মুক্ত অসম আৰু দুৰ্নীতিমুক্ত ভাৰতৰ শ্ল’গান দিয়া চৰকাৰে দুৰ্নীতিকাৰীক নিজ দলত স্থানহে দিলে ৷ প্ৰায় সকলো বিভাগতে এতিয়াও দুৰ্নীতিৰ বজাৰখন চলি আছে  বুলি উল্লেখ কৰি বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰৰ নেতৃত্বত ছিণ্ডিকেটৰাজ চলি থকা বুলিও দাবী কৰে।

আনহাতে, চি পি আই এম দলৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়াই চৰকাৰৰ জনবিৰোধী নীতি সমূহক চোকা সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল পুঁজিপতি গোষ্ঠীৰ কাৰণেহে কাম কৰিছে ৷ গতিকে সকলো জনতাক সজাগ কৰিবৰ বাবে কমিউনিষ্ট কৰ্মকৰ্তা সকলক তেওঁ আহ্বান জনায় ৷

অৱস্থানস্থলীত অংশ লৈ চি পি আই নেতা ধৰ্ম বৰুৱা আৰু জিতেন বৰপাত্ৰগোঁহাইয়ে কয় যে চৰকাৰৰ ভুল অৰ্থনৈতিক নীতি, নব্য উদাৰ অৰ্থনীতিয়ে এই সকলো বিলাক সমস্যাৰ মূল কাৰণ বুলি অভিহিত কৰে ৷

তেওঁলোকে অসমৰ ভূৱা জাতীয়তাবাদী সকলকো চোকা সমালোচনা কৰে আৰু জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ সকীয়াই দিয়ে ৷

উক্ত কাৰ্যসূচীত কৃষক নেতা মদন বৰুৱা, যোগেশ বুঢ়াগোহাঁই ,মণি বুঢ়াগোহাঁই , চি পি আই এমৰ নেতা মিহিৰ ভৰালী, শ্ৰমিক নেতা মুহি বৰুৱা ,সত্যেন্দ্ৰ গগৈ, মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত আছিল ৷