NORTHEAST NOW (Assamese)

ইলেক্ট্ৰ’ৰেল বণ্ডক লৈ ভুৱা তথ্য : মালায়ালম কাকতলৈ আইনী জাননী চিপিআই(এম)ৰ

May 26, 2025 5:26 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

এখন প্ৰতিষ্ঠিত মালায়ালম বাতৰি কাকতলৈ আইনী জাননী প্ৰেৰণ কৰিছে কেৰালাৰ ৰাজ্য চৰকাৰ সচিবে। চিপিআই(এম) বিৰুদ্ধে মিছা খবৰ প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে কেৰালাৰ ৰাজ্যিক সচিবে। কাকতখনৰ কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিক আৰু নিঃচৰ্ত ক্ষমা বিচাৰিছে ৰাজ্য চৰকাৰে।

শেহতীয়াকৈ মালয়ালম মনোৰমাই এক প্ৰতিবেদনত দাবী কৰিছিল যে হায়দৰাবাদস্থিত মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানীয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে চি পি আই (এম)ক ২৫ লাখ টকা দিছিল। এই তথ্যৰ ভিত্তিত তেওঁলোকে চিপিআই(এম)ৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। মালয়ালম মনোৰমাত প্ৰকাশিত এই খবৰক লৈ চিপিআই(এম)-এ আপত্তি দৰ্শাইছে।

জাননীখনত উল্লেখ কৰা হৈছে যে কাকতখনে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ২৫ লাখ টকাৰ অনুদান লাভ কৰাৰ ভুৱা বাতৰি প্ৰকাশ কৰিছিল। এইটো সম্পূৰ্ণ ভিত্তিহীন, ইচ্ছাকৃত আৰু অসন্মানজনক।

জাননীখনত উল্লেখ আছে যে চি পি আই (এম)য়ে কেতিয়াও নিৰ্বাচনী বণ্ড গ্ৰহণ কৰা নাই আৰু এই ব্যৱস্থাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰিছে। এনে এটা দলৰ বিৰুদ্ধে এনে খবৰ বিশুদ্ধ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তি বিয়পোৱাৰ বাহিৰে আন একো নহয়।

নিৰ্বাচনী বণ্ড সন্দৰ্ভত এছ বি আইয়ে প্ৰকাশ কৰা কোনো তথ্যত চি পি আই (এম)ৰ নাম উল্লেখ কৰা হোৱা নাই। ফলত “চিপিআই(এম)য়ে মেঘা কোম্পানীৰ পৰা ২৫ লাখ টকাৰ অনুদান লাভ কৰিলে” বুলি কৰা দাবী সম্পূৰ্ণ মিছা।

Related News